ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ দেহৰক্ষীক ৰূপহীহাটত একাংশ দুৰ্বৃত্তই শাৰিৰীকভাৱে অপদস্থ কৰে

ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ দেহৰক্ষীক আজি নগাঁৱৰ ৰূপহীহাটত এখন দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ যোৱা অৱস্থাত একাংশ দুৰ্বৃত্তই শাৰিৰীকভাৱে অপদস্থ কৰে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয়। আক্ৰমণৰ ঘটনাৰ পাছতে সাংসদজনৰ নিৰাপত্তা বৃদ্ধি কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, বিৰোধী দলপতি দেবব্ৰত শ‍ইকীয়াৰ লগতে বিভিন্ন দল-সংগঠনে এই ঘটনাৰ গৰিহনা দিয়ে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি বৰাই এই ঘটনাৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ বিভাগক জগৰীয়া কৰি কয়, যে এই ঘটনাই গৃহ বিভাগৰ ব্যৰ্থতাক উদঙাই দিছে।