সাংবিধানীক ৰক্ষা কৱচ সন্দৰ্ভত ৰাজ্যিক মন্ত্রীসভাই বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত ৬৭টা বিষয় চিনাক্ত কৰিছে

সাংবিধানীক ৰক্ষা কৱচ সম্পৰ্কে বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদন সন্দৰ্ভত আজি উজান বজাৰৰ ছহিদ ন্যাসত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দই এখন সংবাদমেল সম্বোধন কৰে। অসম চুক্তি ৬ নম্বৰ দফাৰ আধাৰত কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্রতিবেদন কাৰ্যকৰীকৰণৰ সন্দৰ্ভত ছাত্ৰ সন্থাৰ নেতৃবৃন্দই অসম চৰকাৰৰ সৈতে পৰহি দিছপুৰত থকা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত তৃতীয়লানি আলোচনাত অংশগ্রহণ কৰে বুলি আজিৰ সংবাদমেলত জানিবলৈ দিয়া হয়।

উল্লেখযোগ্য যে ৰাজ্যিক মন্ত্রীসভাই বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত ৬৭টা বিষয় চিনাক্ত কৰিছে। ইয়াৰ ৪০টা বিষয়ে পোনপটীয়াকৈ ৰাজ্য চৰকাৰৰ আওঁতাত অহাৰ বিপৰীতে ১৫টা বিষয়ে পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ আওঁতাত আহে। অন্য ১২টা বিষয়ত দুয়োখন চৰকাৰৰ হস্তক্ষেপ সম্ভৱ হ’ব পাৰে বুলিও আজিৰ সংবাদমেলত অৱগত কৰা হয়। ছাত্ৰ সন্থাৰ নেতৃবৃন্দই এই সন্দৰ্ভত পৰহি হোৱা তৃতীয়লানি আলোচনাত অসম চৰকাৰৰ কৰণীয়খিনি ধৰি মুঠ ৫২টা বিষয়ৰ কাৰ্যকৰীকৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিবলৈ দিয়ে। ইয়াৰ লগতে প্ৰথম আৰু দ্বিতীয়লানি আলোচনাত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ কাৰ্যকৰীকৰণৰ অগ্ৰগতিৰ সন্দৰ্ভতো ছাত্ৰ সন্থাৰ তৰফৰ পৰা লিখিত পৰামৰ্শ আগবঢ়োৱা হয়। অসমত জনজাতীয় বেল্টত মাটিৰ অধিকাৰ আৰু হস্তান্তৰৰ ক্ষমতা অসমীয়া মানুহৰ মাজতে সীমাবদ্ধ থাকিবলৈ ছাত্ৰ সন্থাই আগবঢ়োৱা পৰামৰ্শক অসম চৰকাৰে কাৰ্যকৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ছাত্ৰ সন্থাই অৱগত কৰিছে। ইয়াৰ লগতে ৰাজ্যভাষা আইন নিখুঁতভাৱে কাৰ্যকৰীকৰণ, সত্ৰসমূহৰ সৰ্বাংগীণ উন্নয়নৰ বাবে শক্তিশালী বোর্ড গঠন, অসমৰ মূল কৃষিভূমিৰ জৰীপ ইত্যাদি বিষয়তো ৰাজ্য চৰকাৰে সদৰ্থক সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি আজিৰ সংবাদমেলত জানিবলৈ দিয়া হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।