সাংবিধানিক প্রতিষ্ঠানসমূহে ন্যায়িক প্ৰক্ৰিয়া আৰু ন্যায়ালয়ৰ ৰায়সমূহ জনসাধাৰণৰ বাবে তেওঁলোকৰ নিজা ভাষাত উপলব্ধ কৰোৱাৰ বাবে কাম কৰা উচিত বুলি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্তৰ প্ৰকাশ

সাংবিধানিক প্রতিষ্ঠানসমূহে সংবিধানৰ ভাবনা অনুযায়ী ন্যায়িক প্ৰক্ৰিয়া আৰু ন্যায়ালয়ৰ ৰায়সমূহ জনসাধাৰণৰ বাবে তেওঁলোকৰ নিজা ভাষাত উপলব্ধ কৰোৱাৰ বাবে কাম কৰা উচিত বুলি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্তই প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ ইটাৱাত কালি হিন্দী সেৱা নিধি ন্যাসৰ ৩৩ সংখ্যক বৰ্ষিক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে ভাষা সম্বন্ধীয় সাংবিধানিক ব্যৱস্থাসমূহ সমগ্ৰ দেশত ৰূপায়ণ কৰা হ’ব বুলি আশা কৰা হয় । সাংবিধানিক আৰু আইনী ব্যৱস্থা অনুযায়ী ইংৰাজী সৰ্বোচ্চ ন্যায়ালয়ৰ আনুষ্ঠানিক ভাষা হৈ আছে যদিও ভাষিক ব্যাৱধান দূৰ কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, যে সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়সমূহ ১৬ টা ভাষালৈ অনুবাদ কৰাৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু জনসাধাৰণে তেওঁলোকৰ ৰাজ্যৰ ভাষাত এই ৰায়সমূহৰ অনূদিত প্ৰতিলিপি পঢ়িব পাৰিব।