সমৰ্থ প’ৰ্টেলৰ জৰিয়তে শিক্ষাৰ্থীসকলে আজিৰে পৰা চলিত ২০২৫-২৬ বৰ্ষত স্নাতক পাঠ্যক্ৰমত নিজৰ নাম পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি অনা উমৈহতীয়া বিশ্ববিদ্যালয় বাছনি পৰীক্ষা অর্থাৎ ন’ন চি ইউ ই টিৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত আজিৰ পৰা ২২ মে’লৈকে আবেদনকাৰীৰ দ্বাৰা পাঠ্যক্ৰম নিৰ্বাচন আৰু শিক্ষানুষ্ঠানৰ দ্বাৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ’ব। ২৯ মে’ৰ পৰা ১ জুনৰ ভিতৰত প্ৰথমখন মেধা তালিকা প্ৰস্তুত কৰি চূড়ান্ত কৰাৰ লগতে ২ জুনত প্ৰথম মেধা তালিকা প্রকাশ পাব। ৪ জুন আৰু ৫ জুনত প্ৰথম মেধা তালিকাত অন্তৰ্ভুক্ত ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। ৭ জুনত দ্বিতীয়খন মেধা তালিকা প্রকাশ পাব। ৯ জুন আৰু ১০ জুনত তালিকাখনত অন্তর্ভুক্ত হোৱা শিক্ষাৰ্থীসকলৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব। ১১ জুনৰ পৰা ১৪ জুনলৈকে পোনপটীয়া নামভর্তি প্রক্রিয়া আৰম্ভ হ’ব। অহা ১ আগষ্টৰ পৰা প্ৰথম ষান্মাষিকৰ শ্ৰেণীসমূহ আৰম্ভ হ’ব। উমৈহতীয়া বিশ্ববিদ্যালয় বাছনি পৰীক্ষা অর্থাৎ চি ইউ ই টিৰ জৰিয়তে নিৰ্বাচিত প্ৰাৰ্থীসকলৰ নামভৰ্তি প্ৰক্ৰিয়া ৫ জুলাইৰ পৰা আৰম্ভ হ’ব।
Site Admin | May 12, 2025 6:53 PM | Assam Education Dept | Samartha Portal
সমৰ্থ প’ৰ্টেলৰ জৰিয়তে ২০২৫-২৬ বৰ্ষত স্নাতক পাঠ্যক্ৰমত শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ
