ওড়িশা চৰকাৰে বংগোপসাগৰত অহা সোমবাৰলৈকে আহিবলগীয়া সম্ভাব্য ঘূর্ণীবতাহৰ পৰিপ্ৰেক্ষিতত সকলো জিলা প্ৰশাসন আৰু বিভাগসমূহলৈ বিশেষ সতর্কতা জাৰি কৰিছে। ওড়িশাৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী সুৰেশ পূজাৰীয়ে প্ৰকাশ কৰা মতে সম্ভাব্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যাপ্ত পৰিমাণৰ সাহায্য সামগ্ৰী মজুত কৰি ৰখা হৈছে আৰু সকলো জিলা আয়ুক্তক সতৰ্ক কৰি দিয়া হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দক্ষিণ-পশ্চিম বংগোপ সাগৰৰ ওপৰত নিম্ন চাপৰ ক্ষেত্ৰসমূহ আজি পশ্চিম-উত্তৰ-পশ্চিমৰ দিশে আগবাঢ়ি দক্ষিণ-পূব আৰু মধ্য বংগোপসাগৰৰ ওপৰত নিম্ন চাপৰ ক্ষেত্ৰলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। কাইলৈ এই চাপ উচ্চ চাপলৈ বৃদ্ধি পাব আৰু সোমবাৰলৈকে দক্ষিণ-পশ্চিম আৰু পশ্চিম-মধ্য বংগোপসাগৰত ঘূৰ্ণীবতাহলৈ পৰিণত হ’ব। বতৰ বিজ্ঞান বিভাগে সোমবাৰৰ পৰা তিনি দিনলৈ ৰাজ্যখনৰ বিভিন্ন জিলাত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে ।
Site Admin | October 25, 2025 11:32 AM | Cyclone
সম্ভাব্য ঘূর্ণীবতাহৰ পৰিপ্ৰেক্ষিতত সকলো জিলা প্ৰশাসন আৰু বিভাগলৈ ওড়িশা চৰকাৰৰ বিশেষ সতর্কতা জাৰি