ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 7, 2025 12:20 PM | Dristipat

printer

সমাজ এখনত বিভাজনমুখী প্ৰৱণতাক মষিমূৰ কৰি গীতেৰে এক কৰিব খোজা অনন্য মানসিকতাৰ অধিকাৰী ভূপেন হাজৰিকা আছিল মানৱীয়তাৰ প্ৰতিভূঃ আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠান

বিশ্ববন্দিত শিল্পী ভূপেন হাজৰিকাৰ বহুমাত্ৰিক প্ৰতিভাই ৰাজ্যৰ লগতে দেশৰ সমাজ-সংস্কৃতি, ইতিহাস আৰু সমসাময়িক ঘটনাক নিৰ্ভেজাল ৰূপত তুলি ধৰিছে। একক আৰু অভূতপূৰ্ব ব্যক্তিত্বৰ শিল্পীগৰাকী কেৱল কণ্ঠশিল্পী হিচাপে নহয়, এগৰাকী গীতিকাৰ, সাহিত্যিক, সাংবাদিক, চিত্ৰকৰ আৰু সমাজ জীৱনৰ দৃষ্টা হিচাপেও অনন্য আছিল। শিল্পীগৰাকীৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি কালি আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত বিশিষ্ট গীতিকাৰ ড০ দিনেশ বৈশ্য, বিশিষ্ট নিৱন্ধকাৰ ড০ পৰমানন্দ মজুমদাৰ আৰু বিশিষ্ট সাংবাদিক মণি মহন্তই এই বিষয়ে প্রকাশ কৰে। তেওঁলোকে কয় যে সমাজ এখনত বিভাজনমুখী প্ৰৱণতাক মষিমূৰ কৰি গীতেৰে এক কৰিব খোজা অনন্য মানসিকতাৰ অধিকাৰী ভূপেন হাজৰিকা আছিল মানৱীয়তাৰ প্ৰতিভূ। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।