ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সমাজৰ প্ৰান্তীয় শ্ৰেণী তথা অভিলাষী যুৱচামৰ সৱলীকৰণৰ বাবে নগৰীয়া সমবায় বেংকসমূহক আগবাঢ়ি আহিবলৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ আহ্বান

গৃহ তথা সমবায় মন্ত্রী অমিত শ্বাহে সমাজৰ প্ৰান্তীয় শ্ৰেণী তথা অভিলাষী যুৱচামৰ সৱলীকৰণৰ বাবে নগৰীয়া সমবায় বেংকসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি নগৰীয়া সমবায় ঋণ খণ্ড সন্দৰ্ভত আয়োজিত আন্তঃৰাষ্ট্ৰীয় সন্মিলন ‘কো-অপ কুম্ভ ২০২৫’ মুকলি কৰি তেওঁ কয়, যে ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বেংক আৰু ঋণ সমিতি লিমিটেড ফেডাৰেচন, NAFCUB তথা নগৰীয়া সংস্থাসমূহে নীতি নিৰ্দেশনা জাৰি কৰা উচিত। এই নীতিসমূহৰ ওপৰত ভিত্তি কৰি সকলো নগৰীয়া সমবায় বেংকে বিত্তীয় আন্তঃগাঁথনিৰ শৈলী প্রস্তুত কৰা উচিত বুলি শ্ৰীশ্বাহে পৰামৰ্শ দিয়ে। সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ সৱলীকৰণৰ সমান্তৰালকৈ সমবায় সমিতিসমূহক শক্তিশালী কৰি গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ২ লাখতকৈ অধিক জনসংখ্যা থকা প্ৰত্যেকখন চহৰত পৰৱৰ্তী ৫ বছৰৰ ভিতৰত একোটা নগৰীয়া সমবায় বেংক স্থাপন কৰাৰ লক্ষ্য লোৱা উচিত বুলি শ্ৰীশ্বাহে মত প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে ২০৪৭ চনলৈ সমবায় খণ্ডই নতুন শিখৰ স্পৰ্শ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

নগৰীয়া সমবায় বেংক আৰু ঋণ সমিতিসমূহৰ ৰাষ্ট্ৰীয় ফেডাৰেচন তথা সমবায় মন্ত্ৰ্যালয়ৰ যুটীয়া উদ্যোগত এই সন্মিলনখন দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। এই সন্মিলনৰ বিষয়বস্তু হৈছে- সপোনৰ ডিজিটেলাইজেচন – সম্প্রদায়সমূহৰ সৱলীকৰণ।

এই অনুষ্ঠানৰ জৰিয়তে সম্প্রদায়সমূহক সবল কৰি তুলিব বিচৰাৰ লগতে উমৈহতীয়া দৃষ্টিভংগী, উদ্ভাৱন তথা আলোচনাৰ জৰিয়তে দেশৰ বিত্তীয় অন্তৰ্ভুক্তিৰ সমবায় ভেটি শক্তিশালী কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। এই অনুষ্ঠানত নীতি নিৰ্ধাৰক, সমবায় খণ্ডৰ কৰ্ণধাৰসকল আৰু গ্ৰীনষ্টন ফার্ম ক্রেডিট ছাৰ্ভিচ তথা ঋণ সংস্থাসমূহৰ বিশ্ব পৰিষদ ৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰাৰ কথা। আন্তঃৰাষ্ট্ৰীয় সমবায় বর্ষ ২০২৫ৰ সৈতে সংগতি ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।