ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 31, 2025 11:50 AM | air ghy dristipat

printer

সমাজত ইতিবাচক পৰিৱৰ্তন সাধনৰ বাবে অধিকাংশ লোকৰ মনত সংস্কাৰকামী আৰু পৰিৱৰ্তনমুখী চিন্তাৰ উদ্ৰেক হোৱাৰ প্ৰয়োজনঃ সাংবাদিক হাইদৰ হুছেইন

সমাজত ইতিবাচক পৰিৱৰ্তন সাধনৰ বাবে অধিকাংশ লোকৰ মনত সংস্কাৰকামী আৰু পৰিৱৰ্তনমুখী চিন্তাৰ উদ্ৰেক হোৱাৰ প্ৰয়োজন। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত কালি বর্ষীয়ান সাংবাদিক হাইদৰ হুছেইনে এই মন্তব্য কৰে। অনুষ্ঠানটোত সাংবাদিকগৰাকীয়ে তেওঁৰ সাংবাদিকতাৰ আৰম্ভণিৰ সময়ৰে পৰা বিভিন্ন ৰাজনৈতিক, সামাজিক উত্থান-পতনৰ সাক্ষী হোৱাৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰে। জ্যেষ্ঠ সংবাদিকগৰাকীয়ে সমসায়িক ৰাজনীতি আৰু সামাজিক প্রেক্ষাপট সন্দৰ্ভত নিজৰ অভিজ্ঞতা ব্যক্ত কৰি সমাজত সুস্থ আৰু গঠনমূলক সমালোচনাৰ অভাৱ হৈছে বুলিও মন্তব্য কৰে৷ সমগ্ৰ পৃথিৱী আৰু সকলো ধৰ্মক এক বুলি ভবাৰ মানসিকতা ৰখা জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰে বুলিও অনুষ্ঠানটোত মন্তব্য কৰে। জীৱনত এতিয়াও বহু কৰণীয় আছে বুলি উল্লেখ কৰি অসুস্থ দেহাৰেও দায়িত্ব পালন কৰি যাব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে।
দৃষ্টিপাতৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আছিল আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ।