ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 10, 2025 7:46 PM | Har Ghar Tiranga

printer

সমাগত স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ত্ৰিৰংগ যাত্ৰাৰ আয়োজন

সমাগত স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ত্ৰিৰংগ যাত্ৰা উলিওৱা হৈছে। বিশ্বনাথ জিলাত আজি বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল, সাকোমাথা মণ্ডল বিজেপিৰ সভাপতি ৰঞ্জন ৰাউতিয়াকে ধৰি প্ৰায় তিনি শতাধিক লোকে এই ত্ৰিৰংগ যাত্ৰাত অংশ লয়। ডিব্ৰুগড় জিলাতো আজি মন্ত্রী তথা স্থানীয় বিধায়ক প্ৰশান্ত ফুকনৰ নেতৃত্বত ত্ৰিৰংগ যাত্ৰা উলিওৱা হয়। ডিব্ৰুগড় পশ্চিম মণ্ডল বিজেপিৰ উদ্যোগত উলিওৱা এই ত্ৰিৰংগ যাত্ৰাত বহুসংখ্যক লোকে দেশপ্রেমমূলক ধবনি আৰু শ্ল’গানে দি শোভাযাত্ৰা কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।