সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এ আৰু মিত্ৰজোটে দলীয় প্ৰাৰ্থীসকলৰ সমৰ্থনত একাধিক সভাত ভাগ লৈছে

সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এ আৰু মিত্ৰজোটে দলীয় প্ৰাৰ্থীসকলৰ সমৰ্থনত একাধিক সভাত ভাগ লৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এ প্ৰাৰ্থীৰ বাবে সমষ্টিপুৰত এখন নিৰ্বাচনী সমাবেশেৰে আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোটৰ প্ৰচাৰ আৰম্ভ কৰিছে। দুধপুৰা হেলিপেড খেলপথাৰৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে জননায়ক কপুৰী ঠাকুৰ দেশৰ এগৰাকী অমূল্য ৰত্ন আছিল, যিয়ে স্বাধীন ভাৰতত সামাজিক ন্যায় প্রতিষ্ঠা কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ পিছপৰা আৰু প্ৰান্তীয় সম্প্ৰদায়ৰ উন্নতিৰ বাবে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সন্মানত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। এই সমাবেশত মুখ্যমন্ত্রী নীতিশ কুমাৰ আৰু কেন্দ্ৰীয় মন্ত্রী জিতন ৰাম মাঝিও ভাষণ দিয়ে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ পাছত বিহাৰৰ বেগুচৰাইত দ্বিতীয়খন সমাবেশত ভাষণ দিয়াৰ কথা আছে। বিজেপিৰ তাৰকা প্ৰচাৰক তথা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি শিৱান আৰু বাক্সাৰ জিলাত নির্বাচনী সভাত ভাষণ দিয়ে। গোপালগঞ্জত বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় কৃষিমন্ত্রী শিৱৰাজ সিং চৌহানে এখন ৰাজহুৱা সভাত ভাষণ দিব। ইপিনে, গ্ৰেণ্ড এলায়েন্সৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তথা আৰ জে দিৰ নেতা তেজস্বী প্রসাদ যাদৱে পাটনাত সাংবাদিকৰ আগত কয় যে ঠিকাভিত্তিক কৰ্মচাৰীসকলক স্থায়ী পদত মকৰল কৰা হব আৰু ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব।