অসম প্রদেশ বিজেপিৰ ২০২৬ৰ বিধানসভা নির্বাচন প্ৰৱন্ধন সমিতিৰ আহ্বায়ক তথা লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই সমাগত বিধানসভা নিৰ্বাচনৰ বাবে দলটো সম্পূৰ্ণৰূপে সাজু বুলি মন্তব্য কৰিছে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আজি এখন সংবাদমেলত শ্ৰীবৰুৱাই কয়, যে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টি আৰু পঞ্চায়তত বিজেপিৰ নিৰ্বাচন প্ৰৱন্ধন সমিতি গঠন কৰা হৈছে। তেওঁ লগতে ৰাজ্যজুৰি হ’বলগীয়া দেৱাল লিখন কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি কয়, যে কাইলৈ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখত এই দেৱাল লিখন কাৰ্যসূচী শুভাৰম্ভ কৰিব। এই কাৰ্যসূচীত বিজেপিৰ সাংসদ মন্ত্রী, বিধায়ক, ৰাজ্যিক মৰ্চাৰ সভাপতি, জিলা পৰিষদ সদস্যকে ধৰি সকলো কাৰ্যকৰী সদস্যই অংশ ল’ব। ইপিনে কংগ্ৰেছে প্রিয়ংকা গান্ধীক অধ্যক্ষ হিচাপে লৈ আসন্ন অসম বিধানসভা নিৰ্বাচনৰ বাবে প্রার্থী বাছনি সমিতি গঠন কৰিছে। সমিতিত সপ্তগিৰি শংকৰ উলাকা, ইমৰাণ মাছুদ আৰু ড০ চিৰিভেল্লা প্রসাদক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰদেশ কংগ্ৰেছৰ দায়িত্ববাহী এ আই চি চিৰ সাধাৰণ সম্পাদক, প্ৰদেশ কংগ্ৰেছৰ সভাপতি, কংগ্ৰেছ বিধায়িনী দলৰ নেতা আৰু এ আই চি চিৰ সম্পাদকসকলো প্রার্থী বাছনি সমিতিত সহযোগী সদস্য হিচাপে থাকিব।
Site Admin | January 4, 2026 8:58 PM | Assam BJP | Pradan Baruah
সমাগত বিধানসভা নিৰ্বাচনৰ বাবে দলটো সম্পূৰ্ণৰূপে সাজু বুলি অসম প্রদেশ বিজেপিৰ ২০২৬ৰ বিধানসভা নির্বাচন প্ৰৱন্ধন সমিতিৰ আহ্বায়ক তথা লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা মন্তব্য