● সমাগত বিধানসভা নিৰ্বাচনৰ বাবে শাসনাধিষ্ঠিত বিজেপিয়ে সকলো প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তামুলপুৰত কালি সাংবাদিকৰ আগত এই কথা সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে তেওঁৰ অসম ভ্ৰমণৰ সময়ত ২০২৬-ৰ বিধানসভা নিৰ্বাচনৰ বাবে দলটোৱে প্ৰস্তুত কৰা ৰূপৰেখা চূড়ান্ত কৰিব। বি টি চি অঞ্চলত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি এতিয়ালৈকে আৰম্ভ হোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে অৱশ্যে ৰাজ্যৰ বাকী অঞ্চলসমূহৰ বাবে প্রস্তুতি চূড়ান্ত হৈছে।
Site Admin | December 5, 2025 2:35 PM | Akashvani | Akashvani Guwahati | Assam BJP | Chief Minister Himanta Biswa Sarma
সমাগত বিধানসভা নিৰ্বাচনৰ বাবে শাসনাধিষ্ঠিত বিজেপিয়ে সকলো প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছেঃ মুখ্যমন্ত্রী