● ৰাজ্যৰ সমাগত বিধানসভা নির্বাচন সন্দৰ্ভত আলোচনা কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অসমৰ সাংসদসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। নতুন দিল্লীৰ সংসদ ভৱনত থকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত অসমৰ সাংসদসকলে ৰাজ্যখনৰ উন্নয়নকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত প্রধানমন্ত্ৰীৰ সৈতে আলোচনা কৰে।

প্ৰায় এঘণ্টা ধৰি চলা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাংসদ প্ৰদান বৰুৱা, ৰঞ্জিত দত্ত, ৰামেশ্বৰ তেলী, কৃপানাথ মাল্লা, পৰিমল শুক্লবৈদ্য, বিজুলী কলিতা মেধি, অমৰ সিং টিছ’, ভূৱনেশ্বৰ কলিতা আৰু কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকে। সাংসদসকলে নিজৰ নিজৰ সমষ্টিৰ উন্নয়নমূলক আঁচনিৰ অগ্ৰতিৰ বিষয়ে প্রধানমন্ত্ৰীক অৱগত কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ সাংসদসকলক তৃণমূল পর্যায়ত জনতাৰ সৈতে যোগসূত্র স্থাপন কৰাৰ লগতে উন্নয়নমূলক কাম-কাজসমূহ ক্ষীপ্ৰভাৱে আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়ে।

ইপিনে বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰাৰ বাবে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই কালি নতুন দিল্লীত অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ সৈতে এখন বৈঠকৰ আয়োজন কৰে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত এই বৈঠকত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ো উপস্থিত থাকে। বিৰোধী দলটোৰ নেতৃত্বই অসমত কংগ্ৰেছৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ লগতে নিৰ্বাচনৰ বাবে ল’বলগীয়া ব্যৱস্থা সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়। প্রায় ডেৰ ঘণ্টা চলা এই বৈঠকত মল্লিকাৰ্জ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীৰ লগতে এ আই চি চিৰ সাধাৰণ সম্পাদক কে চি বেনুগোপাল, অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং, প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইন, ৰজলীনা তিৰ্কি, জাকিৰ হুছেইন শিকদাৰ, প্ৰদীপ চৰকাৰ আদি উপস্থিত থাকে।
বৈঠকৰ অন্তত অসম কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে সমাগত বিধানসভা নিৰ্বাচনত বিৰোধী দলটোৱে জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টো নিৰ্বাচনী ইচ্ছা হিচাপে নলয়। মুখ্যমন্ত্ৰীসহ চাৰি-পাঁচজন মন্ত্ৰীৰ দুৰ্নীতিহে দলটোৰ নিৰ্বাচনী ইচ্ছ্যু হ’ব বুলি তেওঁ কয়। একেদৰে নির্বাচনী মিত্রতা সন্দৰ্ভত এতিয়াও কোনো চূড়ান্ত সিদ্ধান্ত হোৱা নাই আৰু দলৰ তৃণমূল কর্মীয়ে এই বিষয়ত সিদ্ধান্ত ল’ব বুলি তেওঁ উল্লেখ কৰিছে।