ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 30, 2025 11:24 AM | BTC election

printer

সমাগত বিটিচিৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ মাজত তৎপৰতা বৃদ্ধি

সমাগত বিটিচিৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। ৰাজনৈতিক দলসমূহে বিভিন্ন সমষ্টিৰ বাবে নিজ নিজ দলৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ সমান্তৰালকৈ প্ৰশাসনেও কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। তামুলপুৰ জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়া পংকজ চক্ৰৱৰ্তীয়ে সমাগত বিটিচিৰ নির্বাচন উপলক্ষে পুস্তিকা, পোষ্টাৰ আদি মুদ্ৰণ সম্পৰ্কীয় কিছু বাধা নিষেধ ঘোষণা কৰিছে। মুদ্ৰক আৰু প্ৰকাশকৰ নাম-ঠিকনা আদি স্পষ্টকৈ উল্লেখ নথকা কোনো নিৰ্বাচনী পুস্তিকা বা পোষ্টাৰ মুকলি কৰিব নোৱাৰিব। এই সমূহ মুদ্ৰণ কৰিবলৈ প্ৰকাশৰ পৰিচয়ৰ ঘোষণা পত্ৰ মুদ্রকক জমা দিব লাগিব। মুদ্ৰণৰ পাছত নিৰ্দিষ্ট সময়ৰ ভিতৰত ঘোষণা পত্ৰ আৰু মুদ্রিত নথিপত্ৰৰ প্ৰতিলিপি জিলা দণ্ডাধীশলৈ প্ৰেৰণ কৰিব লাগিব। এনেধৰণৰ কিছু গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰশাসনৰ তৰফৰ তামুলপুৰ জিলাৰ সকলো প্ৰিণ্টিং প্ৰেছৰ স্বত্বাধিকাৰলৈ প্ৰেৰণ কৰা হৈছে।