সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্রশাসনে প্রস্তুতি অব্যাহত ৰাখিছে। ইয়াৰ বাবে জিলা সদৰসমূহত কুচ-কাৱাজৰ অনুশীলন কৰি থকা হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰৰ আশাৰিকান্দি গাঁৱৰ ঐতিহ্যমণ্ডিত পোৰামাটিৰ শিল্প এইবাৰ নতুন দিল্লীত কৰ্তব্যপথত হ’বলগীয়া গণৰাজ্য দিৱসৰ কুচ- কাৱাজত প্ৰদৰ্শন কৰা হ’ব। ময়ুৰপংখীৰূপত এই শিল্প আটকধুনীয়াকৈ প্ৰদৰ্শন কৰা হ’ব। ইয়াকে লৈ জিলাখনৰ পোৰামাটিৰ শিল্পীসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে।
গণৰাজ্য দিৱসলৈ মাজত তিনিটা দিন বাকী থকা অৱস্থাত দক্ষিণ শালমাৰা মানকাচৰ জিলাতো প্রস্তুতি চলিছে। জিলা প্ৰশাসনৰ উদ্যোগত হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে দিৱস উদযাপন কৰা হ’ব। এই উপলক্ষে অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, এন চি চি আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে কুচকাৱাজৰ অনুশীলন চলাই আছে।
Site Admin | January 22, 2026 12:30 PM | Akashvani | Akashvani News | Republic Day | Republic Day 2026
সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্রশাসনৰ প্রস্তুতি অব্যাহত