● সমাগত গণৰাজ্য দিৱস উদযাপনৰ বাবে শ্রীভূমি জিলাত আজি বিশেষ প্রস্তুতি সভা অনুষ্ঠিত হয়। শ্রীভূমি জিলাৰ জিলা আয়ুক্ত প্রদীপ কুমাৰ দ্বিৱেদীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত সমাগত গণৰাজ্য দিৱসৰ মুখ্য অনুষ্ঠান শ্ৰীভূমিৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব বুলি সিদ্ধান্ত লোৱা হয়। সভাৰ আৰম্ভণিতে সহকাৰী আয়ুক্ত ৰূপক মজুমদাৰে বিগত বছৰৰ গণতন্ত্ৰ দিৱস উদযাপনৰ তালিকা পাঠ কৰে।
সভাত গৃহীত নিয়মীয়া সিদ্ধান্তসমূহৰ উপৰি জিলা আয়ুক্তই এই বছৰ গণৰাজ্য দিৱস যথাযোগ্য মর্যাদাৰে উদযাপন কৰিবলৈ আৰু ইয়াক সফল কৰি তুলিবলৈ সকলোৰে স্বতঃস্ফূর্ত অংশগ্রহণ আৰু সহযোগিতা কামনা কৰে। ইয়াৰ লগতে গণৰাজ্য দিৱস উপলক্ষে শ্ৰীভূমি নগৰত পৰিস্কাৰ অভিযান চলাই নগৰখনৰ পৰিস্কাৰ- পৰিচ্ছন্নতা নিশ্চিত কৰিবলৈ পৌৰসভাৰ কাৰ্যবাহী অধিকাৰীক নিৰ্দেশ দিয়া হয়। একেদৰে জনস্বাস্থ্য কাৰিকৰী বিভাগক খোৱাপানীৰ ব্যৱস্থা আৰু স্বাস্থ্য বিভাগত চিকিৎসকৰ দলৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হয়। সভাত অন্যান্য কাৰ্যসূচীৰ ভিতৰত পেৰেড আৰু মাৰ্শ্ব পাষ্ট, সাংস্কৃতিক অনুষ্ঠান, কৃতিমানসকলক সম্বৰ্ধনা চৰকাৰী অনুদান বিতৰণ, ৰক্তদান শিবিৰ, বি এছ এফৰ দ্বাৰা অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন, ছাত্ৰ-ছাত্ৰীৰ মাজত অংকন আৰু ৰচনা প্রতিযোগিতা আদি অনুষ্ঠিত কৰিবলৈ আলোচনা কৰা হয়