সমাগত অমৰনাথ যাত্ৰাৰ পৰিপ্ৰেক্ষিতত জম্মুৰ সৰস্বতী ধামত অফলাইন টোকেন বিতৰণ কেন্দ্ৰ মুকলি

সমাগত অমৰনাথ যাত্ৰাৰ পৰিপ্ৰেক্ষিতত সংশ্লিষ্ট কৰ্তৃপক্ষই আজি জম্মুৰ সৰস্বতী ধামত অফলাইন টোকেন বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। এই যাত্ৰাৰ বাবে আগ্রহী দর্শনার্থীসকলে থিতাতে পঞ্জীয়ন কৰিব পৰা ব্যৱস্থাৰ বাবে প্রয়োজনীয় টোকেন লাভ কৰিবলৈ আজি কেন্দ্ৰটোত যথেষ্ট ভিৰ কৰা দেখা যায়। সৰস্বতী ধাম টোকেন কেন্দ্ৰত আজি পেহেলগাম আৰু বালতাল মাৰ্গেৰে যাত্ৰা কৰিবলগীয়া দৰ্শনাৰ্থীসকলক টোকেন প্ৰদান কৰা হয়। যাত্ৰাৰ বাবে অফলাইন পঞ্জীয়ন প্রক্রিয়া কাইলৈ বৈষ্ণৱী ধাম, পঞ্চায়ত ভৱন আৰু মহাজন সভা কেন্দ্ৰত আৰম্ভ হ’ব।