সমগ্ৰ ৰাষ্ট্ৰত জনজাতীয় নেতা ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তীত জনজাতীয় গৌৰৱ দিৱস উদযাপন

সমগ্ৰ ৰাষ্ট্ৰই আজি স্বাধীনতা সংগ্রামী তথা জনজাতীয় নেতা ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তী জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰিছে। চৰকাৰে জনজাতীয় ইতিহাসক জীৱন্ত কৰি ৰখাৰ গুৰুত্বৰ বিষয়ে উপলব্ধি কৰি ২০২১ চনৰ পৰা ১৫ নৱেম্বৰৰ দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰি আহিছে। সময়ৰ লগে লগে এই উৎসৱ জনজাতীয় গৌৰৱ সপ্তাহলৈ ৰূপান্তৰিত হৈছে আৰু দেশৰ প্রান্তে প্রান্তে সাংস্কৃতিক অনুষ্ঠান, প্রদর্শনী আৰু শিক্ষামূলক কাৰ্যসূচীৰে জনজাতীয় নায়ক বীৰছা মুণ্ডাৰ জীৱন আৰু কাৰ্যক জীয়াই ৰখাৰ প্ৰয়াস কৰা হৈছে।

চৰকাৰে জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতি বিজড়িত সংগ্ৰহালয় আৰু ‘স্মাৰকসমূহৰ উন্নয়নত গুৰুত্ব প্রদান কৰি আহিছে। এই উদ্দেশ্যে দেশৰ ১০ খন ৰাজ্যত ১১ টা সংগ্রহালয়ত অনুমোদন দিয়া হৈছে আৰু ইয়াৰে তিনিটা ইতিমধ্যে উন্মোচন কৰা হৈছে। এই সমূহৰ ভিতৰত ৰাচীৰ বীৰছা মুণ্ডাৰ স্মাৰক উদ্যান আৰু সংগ্ৰহালয় অন্যতম। একেদৰে ৰায়পুৰৰ জনজাতীয় ডিজিটেল সংগ্ৰহালয়টো বীৰ নাৰায়ণ সিঙৰ নামেৰে নামকৰণ কৰা হৈছে। জনজাতীয় গৌৰৱ দিবস উপলক্ষে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি নতুন দিল্লীৰ সংসদ ভবন চৌহদত ভগবান বীৰছা মুণ্ডালৈ শ্রদ্ধার্ঘ্য নিবেদন কৰে।

ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে সামাজিক মাধ্যম যোগে কয় যে বীৰছা মুণ্ডাৰ জন্ম বার্ষিকী ২০২১ চনৰে পৰা ৰাষ্ট্ৰজুৰি জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰি আহা হৈছে। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণণে তেওঁ বার্তাত কয় যে, বীৰছা মুণ্ডা প্রজ্বলিত কৰা দেশভক্তিৰ বন্তিগচি প্রজন্ম প্রজন্ম ধৰি জ্বলি থাকিব। বীৰছা মুণ্ডা আৰু অন্য জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ কাহিনী অমৰ হৈ থাকিব বুলি তেওঁ মন্তব্য কৰে। লোকসভাৰ অধক্ষ্য ওম বিৰলাই নিজৰ বাৰ্তাত কয় যে ৰাষ্ট্ৰীয় স্বার্থ, জনজাতীয় লোকৰ উন্নয়ন আৰু আত্মসম্মানৰ বাবে বীৰছা মুণ্ডাৰ নজিৰবিহীন সংগ্রাম সদায় অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব।

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ আৰু ৰেল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও বীৰছা মুণ্ডাৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে আজি জনজাতীয় নেতাগৰাকীলৈ শ্রদ্ধা নিবেদন কৰে। গৃহমন্ত্রী অমিত শ্বাহে তেওঁৰ বাৰ্তাত কয় যে বীৰছা মুণ্ডা অকল জনজাতীয় সমাজৰেই নহয়, বৰং সমগ্র দেশৰ বাবে গৌৰৱ আছিল। শ্রী বৈষ্ণৱে সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত জনজাতীয় গৌৰৱ দিৱস উপলক্ষে দেশবাসীক ওলগ জনায়।