● ধন আৰু ঐশ্বৰ্যৰ দেৱী শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ পূজা কালি সমগ্ৰ ৰাজ্যতে উদযাপন কৰা হয়। ভক্তসকলে ঘৰে ঘৰে নৈবদ্য, ধূপ-দীপ আগবঢ়াই নিজ নিজগৃহলৈ ঐশ্বৰ্যবিভূতি আগমনৰ কামনা কৰে। কোনো কোনো ঠাইত ৰাজহুৱাভাৱেও লক্ষ্মী দেৱীৰ পূজাৰ আয়োজন কৰা হয়।
গুৱাহাটী মহানগৰীৰ বেলতলাৰ শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰ, গণেশগুৰিৰ লক্ষ্মী মন্দিৰকে ধৰি বিভিন্ন মন্দিৰ আৰু নামঘৰ আদিতো এই পূজা অনুষ্ঠিত হয়। সন্ধিয়াৰ ভাগত নাম-প্ৰসংগ আৰু ভোগ-বিতৰণ কৰা হয়।
লখিমপুৰৰ ঢকুৱাখনা, চিৰাং, বাক্সাৰ শিমলা বজাৰৰ লগতে ৰাজ্যৰ আন প্ৰান্ততো লক্ষ্মী পূজা পালন কৰা হয়। চিৰাঙৰ বিজনীত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লক্ষ্মী পূজা আৰু মেলা অনুষ্ঠিত হৈছে। চিৰাং জিলাৰ সদৰ কাজলগাঁৱতো ১২ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে লক্ষ্মী পূজা আৰু মেলা অনুষ্ঠিত হৈছে। কালি সন্ধিয়া জিলা আয়ুক্ত যতীন বৰাই পূজা আৰু মেলাথলী উদ্বোধন কৰে। বাক্সাৰ শিমলা বজাৰত ৯ দিনীয়া কাৰ্যসূচীৰে লক্ষ্মী পূজাৰ শুভাৰম্ভ হৈছে। কালি ককলাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ মন্টু বড়োৱে মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰে।
 
									 
		 
									 
									 
									 
									