ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যজুৰি শুশ্রূষা সেঁতু শীৰ্ষক বিধানসভা সমষ্টি ভিত্তিক স্বাস্থ্য শিবিৰ মুকলি কৰি চিকিৎসা সেৱা প্ৰদান কৰিছে। কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিত এই শিবিৰ অনুষ্ঠিত হ’ব। শিবিৰসমূহত ১৮ বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ প্ৰাথমিক পৰ্যায়ত ৰোগ নিৰ্ণয় আৰু বিনামূলীয়া চিকিৎসা তথা
পৰামৰ্শ প্ৰদান কৰা হ’ব। নিউ গুৱাহাটী সমষ্টিৰ বাবে কাইলৈ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত শিবিৰ মুকলি কৰা হ’ব। একেদৰে গুৱাহাটী ছেণ্ট্ৰেল বিধানসভা সমষ্টিৰ বাবে ১৬ অক্টোবৰত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় খেলপথাৰত আৰু ডিমৰীয়া সমষ্টিৰ বাবে ২৪ অক্টোবৰত ডিমৰীয়াত এই শিবিৰ অনুষ্ঠিত হ’ব। দিছপুৰ সমষ্টিৰ বাবে ৩১ অক্টোবৰত দক্ষিণ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ত শিবিৰ মুকলি কৰা হ’ব।
ডিমা হাচাও জিলাৰ এন এল দাউলাগুপু ক্রীড়া প্রকল্পত ১৫ অক্টোবৰত এনে ধৰণৰ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ’ব। এই শিবিৰত কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে ১৮ বছৰৰ তলৰ ল’ৰা-ছোৱালীক চিকিৎসা সেৱা আগবঢ়াব।