ডাউনলোড
মোবাইল এপ

android apple
signal

May 1, 2025 8:17 PM | Labour Day

printer

সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰমিক দিৱস পালন

শ্ৰমিকসকলৰ ত্যাগ আৰু তেওঁলোকৰ কৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ লগতে শ্ৰমিকসকলে লাভ কৰিবলগীয়া উচিত মর্যাদা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে সমগ্ৰ বিশ্বতে আজি আন্তর্জাতিক শ্রমিক দিৱস পালন কৰা হয়। এই দিনটো মে’ দিৱস হিচাপেও জনাজাত। কামৰ সময় দৈনিক সৰ্বাধিক ৮ ঘণ্টা নিৰ্ধাৰণৰ দাবীত ১৮৮৬ চনৰ আজিৰ দিনটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত অনুষ্ঠিত এখন বিশাল শ্রমিক সমাবেশৰ স্মৃতিচাৰণেৰে বিশ্বজুৰি এই দিৱস পালন কৰা হয়। সমগ্ৰ বিশ্বৰ শ্রমিক শ্ৰেণীৰ কল্যাণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি পালন কৰা এই শ্রমিক দিৱসৰ সৈতে সংগতি ৰাখি আজিৰ দিনটোত শ্রমিক সমাবেশ, আলোচনা চক্র, সভা-সমিতি আদিৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে এইবেলি আন্তঃৰাষ্ট্ৰীয় শ্রমিক দিৱসৰ বিষয়বস্তু হৈছে – ‘শ্ৰমিকসকলৰ সুৰক্ষা আৰু স্বাস্থ্য’। এই বিষয়বস্তুৰ জৰিয়তে শ্ৰমিকসকলৰ সুস্বাস্থ্য তথা নিৰাপত্তাৰ বিষয়টোৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ বিচৰা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত আজি শ্ৰমিক দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। অসম চাহ মজদুৰ সংঘৰ নাহৰকটীয়া শাখাৰ উদ্যোগত তথা জয়পুৰ চাহ বাগিছাৰ শ্ৰমিক সংঘ আৰু অস চাহ মজদুৰ সংঘৰ নাহৰকটীয়া শাখাৰ চাহ বাগিছাসমূহৰ শ্ৰমিক ৰাইজৰ সহযোগত আজি জয়পুৰ চাহ বাগিছা প্ৰেক্ষাগৃহত এই দিৱস উদযাপন কৰা হয়। এই কাৰ্যসূচীত বিধায়ক তৰংগ গগৈয়ে শ্ৰমিকসকলক উদ্দেশি ভাষণ দিয়ে।
বৰপেটা জিলাত আন্তৰ্জাতিক শ্রমিক দিৱস উপলক্ষে বিভিন্ন শ্রমিক সংগঠনৰ উদ্যোগত সভা, সমদল আদি অনুষ্ঠিত হয়। তদুপৰি শ্ৰমিকসকলৰ মাজত শ্ৰমৰ মৰ্যাদা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে সভাৰ আয়োজন কৰা হয়। বজালী জিলাৰ বাঘমাৰাত আজি বাঘমাৰা আঞ্চলিক শ্রমিক সন্থাৰ উদ্যোগত এই দিৱস উদযাপন কৰা হয়। দিৱসৰ পতাকা উত্তোলন কৰি বাঘমাৰা আঞ্চলিক শ্রমিক সন্থাৰ সভানেত্ৰী নিৰূপমা দেৱীয়ে এই দিনটোৰ পৰাই শ্ৰমিকসকলৰ মৰ্যাদা বিচৰাৰ সংগ্ৰাম আৰম্ভ হোৱা বুলি উল্লেখ কৰে। বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত আজি আন্তর্জাতিক শ্রমিক দিৱসৰ কাৰ্যসূচী লোৱা হয়। এই উপলক্ষে হোৱা পতাকা উত্তোলন, স্মৃতি তৰ্পন, গছপুলি ৰোপণ, বন্তি প্ৰজ্বলন, সমূহীয়া চাফাই অভিযান আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

অধিক পঢ়ক

সকলো চাওক