ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সমগ্ৰ বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতা দিৱস পালন

সংবাদ মাধ্যমৰ কৰ্মীসকলৰ মত প্ৰকাশৰ স্বাধীনতাৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে সমগ্ৰ বিশ্বতে আজি সংবাদ মাধ্যমৰ স্বাধীনতা দিৱস পালন কৰা হৈছে। ৰিপোৰ্টাৰ্ছ উইডাউত বাউণ্ডেৰীছ আৰু আন ভালেকেইটা সংস্থাই এই দিৱসৰ সময়তে সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত বিশ্বৰ বিভিন্ন দেশৰ ৰেংকিং প্ৰকাশ কৰে। ইউনেস্কোৰ উদ্যোগত এই উপলক্ষে আজি বিভিন্ন কার্যসূচী অনুষ্ঠিত হয়। দিৱসৰ অংশ হিচাপে সংবাদ মাধ্যমত কৰ্মৰত লোকসকলক একত্ৰিত কৰি তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ দূৰ কৰাৰ কৌশল সন্দৰ্ভত আলোচনা কৰা হয়। ১৯৪৮ চনৰ মানৱ অধিকাৰ সম্পৰ্কীয় সাৰ্বজনীন ঘোষণাৰ ১৯ নম্বৰ অনুচ্ছেদত অন্তর্ভুক্ত মত প্ৰকাশৰ স্বাধীনতাক সন্মান জনাই এই দিৱসৰ আয়োজন কৰা হয়। অসমতো আজি এই দিৱস উপলক্ষে কাৰ্যসূচী লোৱা হয়। ডিব্ৰুগড়ত আজি এই উপলক্ষে বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰসংঘৰ ভাৰতীয় সংঘৰ নতুন দিল্লীৰ উদ্যোগত আৰু জিলাখনৰ কেইবাটাও সংস্থাৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে অসম সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি ইকবাল আহমেদে সংবাদ মাধ্যমত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰভাৱ শীৰ্ষক বক্তৃতা দিয়ে। এই অনুষ্ঠানটো ৰাষ্ট্ৰসংঘৰ ভাৰতীয় সংঘৰ সচিব ড০ অশ্বিনী শৰ্মাই উদ্বোধন কৰে। অনুষ্ঠানত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শ‍ইকীয়া, ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সভাপতি বিপীন শৰ্মা, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি ৰাজীৱ বৰগোঁহাইৰ লগতে ভালসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।