সমগ্ৰ বিশ্বতে আজি মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় দিৱস পালন কৰা হৈছে। মাদক দ্রব্য মুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা আৰু সহযোগিতাক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে আজি নতুন দিল্লীৰ ৬০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ ৰাজ্যমন্ত্রী বি এল বার্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দিৱস উপলক্ষে সামাজিক মাধ্যমৰ এটা বাৰ্তাত যোৱা ১২ জুনৰ বৰ্তমানলৈকে নিচামুক্ত ভাৰত পাখৱাৰা উদযাপন কৰাৰ বাবে মাদক দ্রব্য নিয়ন্ত্ৰণ ব্যুৰ’ৰ শলাগ লয়। চলিত বৰ্ষৰ জুন পর্যন্ত নিচামুক্ত ভাৰত অভিযানৰ জৰিয়তে ১৫ কোটি ৭৮ লাখৰো অধিক লোকক মাদক দ্রব্য সেৱনৰ ভয়াৱহতাৰ বিষয়ে সজাগ কৰা হৈছে। ইয়াৰ ভিতৰত ৫ কোটি ২৬ লাখ যুৱক-যুৱতী আৰু ৩ কোটি ৩১ লাখ মহিলা আছে। দেশৰ ৪ লাখ ৩১ হাজাৰৰো অধিক শৈক্ষিক প্রতিষ্ঠানে এইক্ষেত্ৰত সজাগতা বিয়পোৱাৰ বাবে এই অভিযানত অংশগ্ৰহণ কৰিছে। তদুপৰি তৃণমূল পৰ্যায়ত এই প্ৰচেষ্টাক নেতৃত্ব দিবৰ বাবে ২০ হাজাৰৰো অধিক প্রশিক্ষিত স্বেচ্ছাসেৱক নিয়োগ কৰা হৈছে।
Site Admin | June 26, 2025 10:54 AM | Drug Abuse
সমগ্ৰ বিশ্বতে মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় দিৱস পালন
