সমগ্ৰ দেশৰ ২৪টা কেন্দ্ৰত আকাশবাণী সংগীত সন্মিলনৰ ৬৭ সংখ্যক সংস্কৰণৰ অনুষ্ঠিত

প্ৰসাৰ ভাৰতীয়ে সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত সমগ্ৰ দেশৰ ২৪টা কেন্দ্ৰত আকাশবাণী সংগীত সন্মিলনৰ ৬৭ সংখ্যক সংস্কৰণৰ অনুষ্ঠিত কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে প্রকাশ কৰিছে যে ১৯৫৪ চনত আৰম্ভ কৰা আকাশবাণীৰ সংগীত সন্মিলন দেশৰ সাংস্কৃতিক পৰম্পৰাৰ প্ৰতীক। এই সন্মিলনে দেশৰ চহকী সংগীত ঐতিহ্যৰ সংৰক্ষণ, প্ৰসাৰ আৰু জনপ্ৰিয়কৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে কয়, যে কোৱিড-১৯ মহামাৰীৰ বাবে কিছু বছৰ এই সংগীত সন্মিলন বন্ধ ৰখাৰ পাছত এইবেলি নতুন ৰূপত আয়োজন কৰা হৈছে। অহা ২৯ নৱেম্বৰলৈ হ’বলগীয়া এই সন্মিলনৰ বাবে এইবাৰ প্ৰতিটো কেন্দ্ৰত দুটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰে এটা ভাৰতীয় শাস্ত্রীয় সংগীত আৰু আনটো লোকসংগীতৰ নামত উৎসর্গিত। পানার্জী আৰু শ্বিলঙত বিশেষভাৱে পাশ্চাত্য সংগীতৰ অনুষ্ঠানৰ দিহা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।