সমগ্ৰ দেশৰ বিদ্যুৎ চাহিদা পূৰণ কৰিবলৈ শক্তি মন্ত্ৰ্যালয় প্রতিশ্রুতিবদ্ধ

সমগ্ৰ দেশৰ বিদ্যুৎ চাহিদা পূৰণ কৰিবলৈ শক্তি মন্ত্ৰ্যালয় প্রতিশ্রুতিবদ্ধ বুলি কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লালে আশ্বাস দিছে। ছিকিমৰ গেংটকত আজি উত্তৰ-পূৰ্বাঞ্চলৰ শক্তি মন্ত্ৰীসকলৰ আঞ্চলিক সন্মিলনত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে বিদ্যুৎ উৎপাদন বৃদ্ধি পালে কর্মসংস্থাপনৰ নতুন নতুন সুযোগ সৃষ্টি হ’ব। তেওঁ কয়, যে উত্তৰাখণ্ড-হিমাচলপ্রদেশ আৰু জম্মু-কাশ্মীৰকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ পাৰ্বত্য ৰাজ্যসমূহক আন্তঃগাথনিৰ উন্নয়নৰ বাবে সমতল এলেকাৰ তুলনাত অধিক ধন দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে চিকিম আৰু অৰুণাচল প্ৰদেশত জলবিদুৎ খণ্ডত অপাৰ সুযোগ আছে। বিদ্যুৎ উৎপাদন, সৰবৰাহ আৰু বিতৰণ সম্পৰ্কীয় বিষয়সমূহক লৈ আজিৰ বৈঠকত আলোচনা কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ শক্তিমন্ত্ৰীসকল বৈঠকত উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।