ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 21, 2025 11:01 AM | GST Day

printer

সমগ্ৰ দেশত জি এছ টি সঞ্চয় উৎসৱ আৰম্ভ

নৰেন্দ্ৰ মোদী চৰকাৰে বিভিন্ন ক্ষেত্ৰৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱাকৰ জি এছ টি হ্ৰাস কৰাৰ পাছত ২২ ছেপ্তেম্বৰৰ পৰা জি এছ টি সঞ্চয় উৎসৱ আৰম্ভ হৈছে। ইয়াৰ পৰা সমগ্ৰ দেশৰ জনসাধাৰণ উপকৃত হৈছে। পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে কৃষিখণ্ডৰ বাবেও সকাহ কঢ়িয়াই আনিছে। কৃষিৰ উৎপাদন ব্যয়, কৃষিকাৰ্যত ব্যৱহৃত আহিলাপাতি আৰু আনুসাংগিক কাম-কাজৰ ক্ষেত্ৰত কৰৰ বোজা লাঘব কৰা হৈছে আৰু ইয়াৰ ফলত দেশৰ লাখ লাখ খেতিয়কৰ বাবে কৃষি কাৰ্য সুচল হৈ উঠিছে। বহনসাধ্য সাৰৰ উপলভ্যতা সুনিশ্চিত কৰাৰ উদ্দেশ্যে এমনিয়া, ছালফিউৰিক এছিড আৰু নাইট্ৰিক এছিডক দৰে সাৰ উৎপাদনত ব্যৱহৃত কেঁচা সামগ্ৰীসমূহৰ ওপৰত আৰোপিত জি এছ টি পূৰ্বৰ ১৮ শতাংশৰ পৰা ৫ শতাংলৈ হ্ৰাস কৰা হৈছে। একেদৰে মাটিৰ স্বাস্থ্য আৰু শস্যৰ মান উন্নত কৰাৰ বাবে ব্যৱহৃত সূক্ষ্ম পৌষ্টিক পদাৰ্থৰ ওপৰত আৰোপিত কৰো ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে । ইয়াৰ উপৰি ১৮০০ চিচিৰ তলৰ ইঞ্জিনযুক্ত টেক্টৰ লেখীয়া কৃষিকাৰ্যত ব্যৱহৃত আহিলাপাতিৰ ক্ষেত্ৰতো কৰৰ হাৰ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ কমোৱা হৈছে।