সমগ্ৰ দেশতে ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হ’ব

■ সমগ্ৰ দেশতে অহা ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে পুৱা ৬.৩০ বজাৰ পৰা ৭ বাজি ৪০ মিনিটলৈ ১ লাখৰো অধিক যোগ কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু হৈছে – ‘এখন পৃথিৱী, এটা স্বাস্থ্য’। কেন্দ্রীয় আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাদৱে আজি নতুন দিল্লীত সাংবাদিকৰ আগত কয়, যে যোগ দিৱসৰ মূল কাৰ্যসূচী অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত অনুষ্ঠিত হ’ব আৰু এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। লালকিল্লা, কৰ্তব্যপথ আৰু লোধি গার্ডেনকে ধৰি দিল্লীৰ ১১১ টা স্থানত যোগ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব।