প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমগ্ৰ দেশতে স্বাস্থ্যৱতী নাৰী, শক্তিশালী পৰিয়াল অভিযানৰ শুভাৰম্ভ কৰে। তেওঁ লগতে মধ্য প্ৰদেশৰ ধাৰ জিলাৰ পৰা অষ্টম ৰাষ্ট্ৰীয় পোষণ মাহ কাৰ্য্যসূচীৰো শুভাৰম্ভ কৰে। শ্ৰীমোদীয়ে জিলাখনৰ ভেনচোলা গাঁৱত দেশৰ সৰ্ববৃহৎ পি এম মিত্ৰ উদ্যানৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে মাতৃ বন্দনা যোজনাৰ অধীনত ১৫ লাখৰো অধিক মহিলাক বিত্তীয় সাহায্য হস্তান্তৰ কাৰ্য্যসূচী মুকলি কৰে। শ্ৰীমোদীয়ে ৰাজ্যখনৰ জনজাতীয় এলেকাসমূহৰ বাবে আদি সেৱা পৰ্ব শীর্ষক এটা কাৰ্য্যসূচী উদ্বোধন কৰে। তেওঁ মহিলাসকলক স্বাস্থ্যৱতী নাৰী, শক্তিশালী পৰিয়াল অভিযানৰ অধীনত আয়োজন কৰা স্বাস্থ্য শিৱিৰসমূহত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাবলৈ আহ্বান জনায়। ধাৰ জিলাত নিৰ্মাণ হ’বলগীয়া পি এম মিত্ৰ উদ্যানৰ বাবে জনসাধাৰণক শুভেচ্ছা জনাই প্রধানমন্ত্রী মোদীয়ে কয়, যে এই উদ্যানে কৃষক আৰু যুৱ চামৰ নিয়োগৰ ক্ষেত্ৰত সোণালী সুযোগ প্ৰদান কৰিব। তেওঁ জনসাধাৰণক উৎসৱৰ বতৰত থলুৱাভাৱে নির্মিত সামগ্ৰী ক্ৰয় কৰিবলৈ আৰু বিক্রেতাসকলক তেওঁলোকে বিক্ৰী কৰা সকলোবোৰ সামগ্রী যাতে দেশত নির্মিত হয়, সেয়া নিশ্চিত কৰিবলৈ আহ্বান জনায়।
Site Admin | September 17, 2025 8:20 PM | PM Modi Inauguration
সমগ্ৰ দেশতে স্বাস্থ্যৱতী নাৰী, শক্তিশালী পৰিয়াল অভিযানৰ শুভাৰম্ভ