ডাউনলোড
মোবাইল এপ

android apple
signal

সমগ্ৰ দেশতে সংবিধান প্রণেতা ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ জয়ন্তী পালন

আজি সংবিধান প্রণেতা ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ জয়ন্তী। এই উপলক্ষে দেশবাসীলৈ প্ৰেৰণ কৰা এটা শুভেচ্ছা বার্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে, যে যথেষ্ট বিপর্যয়ৰ মাজতো বাবা চাহেব আম্বেদকাৰে এটা সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সমৰ্থ হোৱাৰ লগতে তেওঁৰ ব্যতিক্রমী সফলতাৰ বাবে বিশ্বজুৰি সন্মান লাভ কৰিছে। বাবা চাহেব আম্বেদকাৰ এগৰাকী বহুমুখী ব্যক্তিসম্পন্ন তথা অর্থনীতিবিদ, শিক্ষাবিদ হোৱাব লগতে এগৰাকী মহান সমাজ সংস্কাৰক আছিল বুলিও শ্রীমতী মুৰ্মুৱে প্রকাশ কৰে। মহিলা আৰু বঞ্চিত শ্রেণীৰ অর্থনৈতিক আৰু সামাজিক অধিকাৰৰ হকে জীৱনজুৰি প্রচেষ্টা চলোৱা ড০ আম্বেদকাৰে শিক্ষাক সামাজিক পৰিৱৰ্তন আৰু সবলীকৰণৰ গুৰুত্বপূর্ণ আধাৰ হিচাপে অভিহিত কৰিছিল বুলি ৰাষ্ট্ৰপতি শ্রীমতী মুৰ্মুৱে উল্লেখ কৰে। আম্বেদকাৰে আগবঢ়োৱা বৰঙণিয়ে দেশৰ জনসাধাৰণক অনুপ্রাণিত কৰি অহাৰ লগতে ভৱিষ্যত প্রজন্মকো ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰেৰণা যোগাব বুলি শ্ৰীমতী মুৰ্মুৱে লগতে কয়। সামাজিক সম্প্রীতি আৰু সমতা স্থাপনৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিগৰাকীয়ে আম্বেদকাৰৰ জীৱন আৰু কর্মক আদর্শ হিচাপে গ্রহণ কৰিবলৈও জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক