আজি সংবিধান দিৱস। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি সংবিধান দিৱস উপলক্ষে নতুন দিল্লীৰ সংবিধান সদনৰ কেন্দ্ৰীয় কক্ষত সংবিধানৰ প্ৰস্তাৱনা পাঠৰ গুৰি ধৰে। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয়, যে সংবিধান ৰাষ্ট্ৰীয় পৰিচয়ৰ ভেটিস্বৰূপ আৰু ই ৰাষ্ট্ৰক ঔপনিৱেশিক মানসিকতাক পৰিহাৰ কৰি ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰে আগুৱাই লৈ যোৱাৰ পথ প্ৰদৰ্শক পৰিকাঠামো। সংবিধান দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰপতিগৰাকীয়ে সংবিধানৰ অসমীয়া, বড়ো, মালায়ালম, মাৰাঠী, নেপালী, পাঞ্জাৱী, কাশ্মিৰী, তেলেগু আৰু উড়িয়া ভাষালৈ অনুদিত সংস্কৰণ উন্মোচন কৰে। এই উপলক্ষে পঞ্চায়তীৰাজ মন্ত্ৰালয়ে আজি সমগ্ৰ দেশতে তিনি-তৰপীয়া পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু স্থানীয় গ্ৰামীণ পৰিচালনা সমিতিসমূহে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰে। ইয়াৰ লগতে সকলো কৰ্মচাৰীৰ বাবে ন’ ইওৰ কনষ্টিটিউচন বিষয়ত কুইজ আৰু ৰচনা প্রতিযোগিতাৰো আয়োজন কৰা হয়। দেশৰ সকলো গাঁও পঞ্চায়তৰ সদস্যসকলে স্থানীয় ভাষাত প্ৰস্তাৱনা পাঠ কৰাৰ লগতে সংবিধানৰ সৈতে জড়িত বিভিন্ন আলোচনা আৰু কুইজ প্রতিযোগিতাৰ আয়োজন কৰা হয়। অসমতো আজি সংবিধান দিৱসৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়।
যোৰহাট আৰক্ষীয়ে আজি সংবিধান দিৱস উপলক্ষে প্ৰস্তাৱনা পাঠ কৰাৰ লগতে নাগৰিকৰ প্ৰতি ন্যায় আৰু নিষ্ঠাৰে দায়িত্ব পালনৰ সংকল্প লয়। ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলাৰ মুখ্য কাৰ্যালয়ত অনুসূচীত জাতি মৰ্চা জিলা সমিতিৰ সহযোগত আজি সংবিধান দিৱস পালন কৰা হয়। এই উপলক্ষে চৰাইদেউ জিলাৰ ভৱানীপ্রসাদ বৰুৱা সোঁৱৰণি মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড০ বাৰিন্দ্ৰ দাসে মুখ্য বক্তা হিচাপে ভাষণ আগবঢ়ায়।
Site Admin | November 26, 2025 6:43 PM | constitution day
সমগ্ৰ দেশতে সংবিধান দিৱস পালন