November 12, 2025 8:25 PM | Rail Station Checking

printer

সমগ্ৰ দেশতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা

দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ পাছতে সমগ্ৰ দেশতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীতো নিৰাপত্তাৰক্ষীয়ে বিশেষ সতর্কতা অৱলম্বন কৰাৰ লগতে তালাচী অভিযান অব্যাহত ৰাখিছে। বিশেষকৈ ৰে’ল ষ্টেচন, বিমান বন্দৰসমূহত নিৰাপত্তাৰক্ষীয়ে অভিযান চলাই পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। গুৱাহাটীৰ ৰে’লৱে ষ্টেচনত চি আৰ পি এফে তালাচী অভিযান চলোৱাৰ লগতে যাত্ৰীসকলৰ মাজত মাইকযোগে সজাগ, সচেতন আৰু সতৰ্ক হোৱাৰ আহ্বান জনায়। ৰে’লে ষ্টেচনসমূহত ড্রোনৰ সহায়ত নিৰীক্ষণ কৰি থকা হৈছে। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীত তৎকালে প্রযোজ্য হোৱাকৈ প্ৰশাসনে সমাবেশ, মাৰাথান আদি কাৰ্যসূচী নিষিদ্ধ কৰিছে। মহানগৰ আৰক্ষীয়ে ভাৰতীয় নাগৰিক সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰিছে।
দিল্লী বোমা বিস্ফোৰণ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত দৰং আৰক্ষীয়ে আজি এজন লোকক গ্ৰেপ্তাৰ কৰে।