সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপযাপন

সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপযাপন কৰা হৈছে। এই দিৱসত কন্যা সন্তানৰ অধিকাৰ, শিক্ষা, স্বাস্থ্য, পুষ্টিকৰণ আৰু কল্যাণত গুৰুত্ব দিয়া হয়। প্ৰতি বছৰে ২৪ জানুৱাৰীত উদযাপন কৰা এই দিৱসত লিংগ বৈষম্যৰ বিৰোধিতা, সম-সুবিধা প্ৰদান আৰু সবল নাগৰিক হিচাপে সমাজত কন্যাসকলে মূৰ তুলি থাকিব পৰা পৰিৱেশৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ চেষ্টা কৰা হয়। ৰাষ্ট্ৰীয় কন্যাশিশু দিৱসৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে ক্ষমতাত অহাৰ পিছৰ বছৰটোত, ২০১৫ চনৰ ২২ জানুৱাৰীত বেটী বচাও বেটী পঢ়াও আঁচনিৰ শুভাৰম্ভ কৰিছিল।
ৰাজ্যৰ বিভিন্ন জিলাতো আজি ৰাষ্ট্ৰীয় কন্যাশিশু দিৱস উদযাপন কৰা হয়। মহিলা আৰু শিশু বিকাশ বিভাগ আৰু মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত জেংৰাইমুখ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হয়। জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজশ্ৰী ধান্দিয়া, সহকাৰী আয়ুক্ত অনুৰাগ বৰবৰুৱা, সমাজ কল্যান বিষয়া উত্তম অধিকাৰীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত অংশগ্রহণ কৰি কন্যা শিশুৰ অধিকাৰ আৰু সুৰক্ষা সন্দৰ্ভত আলোচনা কৰে। কাচাৰ জিলাতো শিলচৰৰ মহিলা মহাবিদ্যালয় প্ৰেক্ষাগৃহত কন্যা শিশুৰ অধিকাৰ, স্বাস্থ্য আৰু সামগ্ৰিক সৱলীকৰণ সন্দৰ্ভত কেইবাটাও সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।