সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন

ভাৰতৰ উন্নয়ন, শৈক্ষিক প্ৰসাৰ, আৰু সাংস্কৃতিক সংৰক্ষণৰ ক্ষেত্ৰত সম্প্ৰচাৰৰ গুৰুত্বপূৰ্ণ ভূমিকাক শক্তিশালী কৰিবলৈ আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে। ১৯২৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় সম্প্ৰচাৰ কোম্পানীৰ অধীনত বম্বে ষ্টেচনৰ পৰা দেশত প্ৰথমবাৰৰ বাবে অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ হয়। ১৯৩৬ চনৰ ৮ জুন তাৰিখে ভাৰতীয় ৰাজ্যিক সম্প্ৰচাৰ সেৱাৰ নাম অল ইণ্ডিয়া ৰেডিঅ’ ৰখা হয় আৰু পিছলৈ ইয়াৰ নাম আকাশবাণী হয়। আকাশবাণীয়ে বছৰ বছৰ ধৰি ব্যাপক প্ৰসাৰতাৰে সকলো শ্ৰোতাৰ মাজত নিজৰ এটা সুকীয়া স্থান গঢ়ি তুলিছে। স্বাধীনতা সংগ্ৰামৰ সময়ত তথ্য প্ৰচাৰ আৰু ঐক্য গঢ়ি তোলাৰ স্বাৰ্থত · ৰেডিঅ’ জনসাধাৰণৰ মাজলৈ যোৱাৰ এটা শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হয়। স্বাধীনতাৰ পিছত এই মাধ্যমে বিশেষকৈ গ্রাম্য অঞ্চলত সাক্ষৰতা, স্বাস্থ্য সজাগতা, কৃষি জ্ঞানৰ প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হৈ পৰিছিল।”

এই উপলক্ষে ভাষণ দি প্ৰসাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত কুমাৰ ছেহগালে কয় যে বছৰ বছৰ ধৰি শিক্ষা, তথ্য আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত আকাশবাণীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ লগতে অহা বছৰ আকাশবাণীয়ে ৰাষ্ট্ৰৰ কণ্ঠ হিচাপে ৯০ বছৰ উদযাপন কৰিব বুলিও উল্লেখ কৰে। প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে কয় যে ৯০ বছৰীয়া ৰাষ্ট্ৰীয় ঐতিহ্য হিচাপে আকাশবাণী এতিয়াও শক্তিশালী ৰূপত আগবাঢ়ি আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।