সমগ্ৰ দেশতে আজিৰেপৰা সতৰ্কতা সজাগতা সপ্তাহ, ২০২৫ পালন

সমগ্ৰ দেশতে আজিৰেপৰা সতৰ্কতা সজাগতা সপ্তাহ, ২০২৫ পালন কৰা হৈছে। ৰাজহুৱা জীৱনত স্বচ্ছতা আৰু দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে এই সপ্তাহ পালন কৰা হৈছে। এই সপ্তাহৰ মূল বিষয় হৈছে – ‘সতর্কতা আমাৰ সকলোৰে দায়বদ্ধতা’। ৰাজহুৱা প্ৰশাসন আৰু চৰকাৰী কাম-কাজত স্বচ্ছতা আৰু নীতিৰ প্রয়োজনীয়তাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰাৰ লক্ষ্যৰে এই সপ্তাহ পালন কৰা হৈছে। মন্ত্ৰ্যালয়, বিভাগ, ৰাজহুৱা প্ৰতিষ্ঠান, বেংক আৰু আন সংস্থাসমূহৰ কৰ্মচাৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে শপত বাক্য পাঠ কৰোৱা হ’ব। কেন্দ্ৰীয় তদাৰকী আয়ুক্ত প্রবীণ কুমাৰ শ্ৰীবাস্তৱ আৰু এ এছ ৰাজীৱে আজি নতুন দিল্লীৰ কেন্দ্ৰীয় তদাৰকী আয়োগৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলক এই সপ্তাহৰ শপত বাক্য পাঠ কৰায়। এই সপ্তাহৰ সময়ছোৱাত দুৰ্নীতিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে ভালেমান অনুষ্ঠানৰ আয়োজন কৰা হ’ব। প্ৰতিবছৰে অক্টোবৰৰ শেষৰ সপ্তাহত ভাৰতৰত্ন চৰ্দাৰ বল্লভ ভাই পেটেলৰ জয়ন্তী উপলক্ষে এই সপ্তাহ পালন কৰা হয়।