ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সমগ্র ৰাজ্যতে আজি বীৰছা মুণ্ডাৰ জয়ন্তীত জনজাতীয় গৌৰৱ দিৱস পালন

সমগ্র দেশে আজি স্বাধীনতা সংগ্রামী তথা জনজাতীয় নেতা বীৰছা মুণ্ডাৰ জয়ন্তী জনজাতীয় গৌৰৱ দিবস হিচাপে পালন কৰিছে। অসমতো আজি জনজাতি পৰিক্ৰমা বিভাগৰ সৌজন্যত বিভিন্ন জিলাত এই কার্যসূচী অনুষ্ঠিত হয়। গোলাঘাট জিলাৰ পুলিবাগান অঞ্চলৰ মুৰংঘৰত বর্ণাঢ্য কাৰ্যসূচীৰে এই দিৱসৰ আয়োজন কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত সাংস্কৃতিক শোভাযাত্রাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত বিত্তমন্ত্রী অজন্তা নেওগ উপস্থিত থাকে। কার্বি আংলং জিলা প্রশাসনৰ উদ্যোগত আজি জিলাখনৰ পাৰখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্রাঙ্গনত বিৰচা মুণ্ডাৰ জয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে আমন্ত্রিত অতিথিসকলে নাহৰ গছৰ পুলি ৰোপণ কৰাৰ লগতে বিভিন্ন উন্নয়ন খণ্ডৰ বিপনীসমূহ মুকলি কৰে। বিৰচা মুণ্ডাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজলনেৰে আৰম্ভ হোৱা মূল অনুষ্ঠানত কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থাকে। শ্ৰীৰংহাঙে কেন্দ্ৰীয় চৰকাৰে জনজাতীয় লোকসকলৰ নিৰাপত্তা আৰু উন্নয়নৰ বাবে গ্রহণ কৰা অভিলাসী আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰি জিলাখনত ৪ খন একলব্য বিদ্যালয় নিৰ্মাণৰ বাবে কেন্দ্ৰৰ পৰা ২৫৬ কোটি টকাৰ আৱণ্টন লাভ কৰিছে বুলি উল্লেখ কৰে। বিশ্বনাথ জিলাৰ বিহালী সমজিলাৰ বৰগাঙত অনুষ্ঠিত জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে অংশগ্রহণ কৰে। অনুষ্ঠানত অংশ লৈ শ্রীসোণোৱালে স্বাধীনতা সংগ্ৰামী বিৰচা মুণ্ডাৰ কৰ্মৰাজি সোঁৱৰণ কৰাৰ লগতে তেওঁৰ আদৰ্শৰ প্ৰাসংগিকতাৰ বিষয়ে উল্লেখ কৰে। লগতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে আদিবাসী নেতাগৰাকীক যথাযোগ্য সম্মান দিছে বুলিও তেওঁ উল্লেখ কৰে। মাজুলী জিলাতো আজি জিলা প্রশাসনৰ উদ্যোগত কার্কিচুক ৰংগমঞ্চত জনজাতীয় গৌৰৱ দিৱস পালন কৰা হয়। শিৱসাগৰ জিলাৰ দিছাংমুখৰ লিগিৰিবাৰী মুৰংঘৰ প্ৰাংগনত আযোজিত এই দিৱসৰ কাৰ্যসূচী আজি প্রাক্তন বিধায়ক কুশল দুৱৰীয়ে মুকলি কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি জনজাতীয় লোকসকলৰ কল্যান বাবে বিভিন্ন বিভাগে ৰূপায়ণ কৰা আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰোৱাৰ উদ্দেশ্যে এখন প্রদর্শনী মুকলি কৰা হয়। বৰাক উপত্যকাতো জনজাতীয় স্বাধীনতা সংগ্ৰামী, ধৰতি আবা হিচাপে অভিহিত বিৰচা মুণ্ডাৰ জয়ন্তী পালন কৰা হয়। এই উপলক্ষে কাচাৰ জিলা প্ৰশাসনৰ উদ্যোগত লক্ষীপুৰৰ ফুলেৰতলত আয়োজিত অনুষ্ঠানত মন্ত্রী কৌশিক ৰায়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক নৃত্য প্রদর্শন, হস্তশিল্পৰ প্ৰদৰ্শনী আৰু খাদ্য মেলা অনুষ্ঠিত হয়। কিংবদন্তি স্বাধীনতা সংগ্রামী আৰু জনজাতীয় নেতা বিৰচা মুণ্ডাৰ জয়ন্তী উপলক্ষে আজি শ্রীভূমি জিলাতো বিস্তৃত কার্যসূচী অনুষ্ঠিত হয়। মন্ত্রী কৃষ্ণেন্দু পালে এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ লয়। হোজাই জিলাতো আজি বিৰচা মুণ্ডাৰ জয়ন্তী পঞ্চম জনজাতীয় গৌৰৱ পষেকৰ অংশ হিচাপে উদযাপন কৰা হয়। এই উপলক্ষে জিলাখনৰ শিংজুৰি খেলপথাৰত আয়োজিত অনুষ্ঠানত বিধায়ক ৰামকৃষ্ণ ঘোষ, জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ লয়। অসমতো আজি জনজাতি পৰিক্ৰমা বিভাগৰ সৌজন্যত গোৱালপাৰা জিলা প্ৰশাসন আৰু ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ সহযোগত দুধনৈৰ আমজোঙ্গাত জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেণ্ড মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা উপস্থিত থাকে। অনুষ্ঠানত গুজৰাটত কেন্দ্রীয় চৰকাৰে পালন কৰা জনজাতীয় গৌৰৱ দিৱসৰ প্ৰধানমন্ত্ৰীৰ ভাষণ পোনপোর্টীয়াকৈ সম্প্ৰচাৰ কৰা হয়। আজিৰ অনুষ্ঠানত মন্ত্রী ডাঃ পেগুৱে জিলাখনৰ আমজুঙাত ৭ কোটি ২৪ লাখৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা প্রকল্প সঞ্চালক, সমন্বিত জনজাতীয় উন্নয়ন প্রকল্প আৰু মহকুমা কল্যান বিষয়াৰ কাৰ্যালয় উদ্বোধন কৰে। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

বৰপেটা জিলাত আজি জনজাতীয় গৌৰৱ দিৱস উপলক্ষে সেৱা শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত শিক্ষা, স্বাস্থ্য, সমাজ কল্যান আদি বিভাগে ৰাইজক থিতাতে প্রয়োজনীয় সাহায্য প্রদান কৰে। একেদৰে বঙাইগাও জিলাৰ গাৰো জনজাতি বসতিপ্রধান বাঘপাৰাত আজি এই দিৱস উদযাপন কৰা হয়। চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত এই দিৱস উপলক্ষে আয়োজিত কার্যসূচীত বিটিচিৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মই অংশগ্ৰহণ কৰে।

তামুলপুৰ জিলাত বীৰচা মুণ্ডাৰ জয়ন্তী উপলক্ষে জিলা প্ৰশাসনৰ উদ্যোগত খাটৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত জনজাতীয় গৌৰৱ দিৱস পালন কৰা হয়। এই উপলক্ষে পুৱাৰ ভাগত বড়ো জনগোষ্ঠীৰ আৰজ কৰাৰ পাছত বিৰচা মুণ্ডা আৰু ছহিদ মনেশ্বৰ বসুমতাৰীৰ প্ৰতিচ্ছবিত পুষ্পাৰ্য্য তর্পন কৰা হয়। ইয়াৰ পাছতে সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়। এই শোভাযাত্রাত বিভিন্ন জনগোষ্ঠীয় কৃষ্টি প্রদর্শন কৰা হয়। দৰং জিলা প্ৰশাসনৰ উদ্যোগত আজি পূর্ব মঙলদৈ উন্নয়ন খণ্ডৰ বেজপাৰা কছাৰীগাওঁত জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত জিলাখনৰ আয়ুক্ত পৰাগ কুমাৰ কাকতি প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।