সমগ্র শিক্ষা সোণাৰী শিক্ষা খণ্ডৰ উদ্যোগত চৰাইদেউ জিলাৰ কচুমাৰীত  বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ শিক্ষণ সামগ্রী প্রদর্শন আৰু প্রতিযোগিতা

সমগ্র শিক্ষা সোণাৰী শিক্ষা খণ্ডৰ উদ্যোগত আজি চৰাইদেউ জিলাৰ কচুমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ শিক্ষণ সামগ্রী প্রদর্শন আৰু প্রতিযোগিতা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ লক্ষ্য অনুসৰি প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মান উন্নত কৰাৰ বাবে শিক্ষকসকলৰ মাজত সৃষ্টিশীলতা আৰু নতুনত্বক উদগণি যোগোৱাৰ উদ্দেশ্যেৰে এই প্রতিযোগিতাখন আয়োজন কৰা হয়। প্রতিযোগিতাখন মাহমৰা সমজিলাৰ আয়ুক্ত বানছেংফা বৰুৱাই আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰতিযোগিতাখনত সোণাৰী শিক্ষা খণ্ডৰ অধীনৰ ৪৩টা ক্লাষ্টাৰৰ বিদ্যালয়ৰ প্ৰতিযোগীয়ে অংশগ্রহণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।