ডাউনলোড
মোবাইল এপ

android apple
signal

May 12, 2025 11:23 AM | Buddha Purnima

printer

সমগ্র বিশ্বতে বুদ্ধ পূর্ণিমা উদযাপন

সমগ্র বিশ্বতে আজি বুদ্ধ পূর্ণিমা উদযাপন কৰা হৈছে। গৌতম বুদ্ধৰ জন্মৰ দিনটোৰ লগতে বুদ্ধগয়াত মহাবোধি বৃক্ষৰ তলত তেওঁ নিৰ্বাণ লাভ কৰা দিন উপলক্ষেও আজিৰ উপলক্ষটো পালন কৰা
হয়। সমগ্ৰ বিশ্বৰ বৌদ্ধ আৰু হিন্দু ধৰ্মাৱলম্বী লোকসকলে এই দিনটো উদযাপন কৰাৰ লগতে ভাৰত, নেপাল, ভূটান, বার্মা, থাইলেণ্ড, তিব্বত, কোৰিয়া, লাওছ, ভিয়েটনাম, মংগোলিয়া, কম্বোডিয়া, ছিংগাপুৰ, ইণ্ডোনেছিয়া আৰু শ্ৰীলংকাৰ দৰে দেশসমূহত মহা আড়ম্বৰেৰে এই দিৱস উদযাপন কৰা হয়।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গৌতম বুদ্ধৰসমূহ অনুগামীলৈ বুদ্ধ পূর্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰিছে। ভগৱান বুদ্ধই দিয়া অহিংসা, প্ৰেম আৰু দয়াৰ অমৰ বাৰ্তাই মানৱ জাতিৰ কল্যাণৰ মূল মন্ত্ৰ বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে এটা বাৰ্তাত উল্লেখ কৰে। বুদ্ধৰ আদৰ্শই সমতা, সম্প্ৰীতি আৰু সামাজিক ন্যায়ৰ চিৰন্তন মূল্যবোধৰ প্ৰতি আমাৰ বিশ্বাসক শক্তিশালী কৰে বুলিও তেওঁ মন্তব্য কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে, ভগৱান বুদ্ধৰ শিক্ষাই মানুহক নৈতিকতাক ভিত্তি কৰি জীৱন যাপন কৰিবলৈ অনুপ্ৰাণিত কৰে।
উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়েও আটাইলৈ বুদ্ধ পূৰ্ণিমাৰ শুভেচ্ছা জনাইছে। ভগৱান বুদ্ধৰ অহিংসা তথা দয়াৰ বাৰ্তা আজিৰ সময়ত সমাজ তথা মানৱতাৰ বাবে পূৰ্বতকৈ অধিক প্ৰাসংগিক বুলি তেওঁ মত প্ৰকাশ কৰে। গৌতম বুদ্ধৰ শিক্ষাই মানুহক এখন অধিক শান্তিপূর্ণ, দয়াৱান আৰু সম্প্ৰীতিৰ সমাজ গঢ়ি তোলাৰ দিশত অনুপ্ৰাণিত কৰে বুলিও শ্রীধনখৰে বাৰ্তাত উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।