সমগ্র দেশত আজি নৌসেনা দিৱস পালন কৰা হৈছে। নৌসেনা বাহিনীৰ সাফল্য আৰু ভূমিকাৰ স্বীকৃতিস্বৰূপে প্ৰতিবছৰে ৪ ডিচেম্বৰত এই দিৱস পালন কৰা হয়। ১৯৭১ চনত অপাৰেচন ট্ৰাইডেণ্টৰ অধীনত নৌসেনা বাহিনীয়ে আজিৰ দিনটোতে পি এন এছ খাইবাৰসহ পাকিস্তানৰ ৪খন জাহাজ ধবংস কৰিছিল। এইবেলি কেৰালাৰ তিৰুৱনন্তপুৰমৰ ষণমুগম তীৰত আকর্ষণীয় প্ৰদৰ্শনেৰে নৌসেনা দিৱস পালন কৰা হৈছে। এই আয়োজনে মহাসাগৰ উদ্যমৰ অধীনত পছন্দৰ সুৰক্ষা সহযোগীৰ ভূমিকা পালন কৰাৰ প্রতি নৌসেনা বাহিনীৰ সংকল্প প্ৰতিফলিত কৰিছে। নৌসেনা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে নৌসেনা বাহিনী, প্রাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত কয়, যে বাণিজ্যিক পথসমূহৰ সুৰক্ষাৰ পৰা সামুদ্রিক অর্থ ব্যৱস্থাৰ সৱলীকৰণ আৰু মানৱীয় অভিযানসমূহৰ ক্ষেত্ৰত অগ্রণী ভূমিকা পালন কৰালৈকে নৌসেনা বাহিনীয়ে অনুশাসন, কৰুণা আৰু দায়িত্বৰ পৰিচয় দি আহিছে।
উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে তেওঁৰ বাৰ্তাত নৌ সেনা বাহিনীক দেশৰ সামুদ্রিক সুৰক্ষা, সতৰ্কতা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতীক স্বৰূপ বুলি অভিহিত কৰে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত আই এন এছ বিক্রান্ত নামৰ জাহাজখনৰ নৌসেনা বাহিনীৰ কৰ্মীসকলৰ সৈতে পোহৰৰ উৎসৱ দীপাৱলী পালনৰ কথা স্মৰণ কৰে আৰু এই অভিজ্ঞতাক অবিস্মৰণীয় বুলি অভিহিত কৰে। তেওঁ কয়, যে ভাৰতীয় নৌসেনা বাহিনী অভূতপূর্ব সাহস আৰু দৃঢ়তাৰ অন্য এটা নাম। নৌসেনা বাহিনীয়ে শেহতীয়াকৈ আত্মনিৰ্ভৰশীলতা আৰু আধুনিকীকৰণত গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে ইয়াৰ ফলত দেশৰ সুৰক্ষা ব্যৱস্থা অধিক সুদৃঢ় হৈ পৰিছে।
কেন্দ্ৰীয় প্ৰতিৰক্ষা আৰু গৃহ মন্ত্ৰীয়েও নৌসেনা দিৱস উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয়, যে ভাৰত মহাসাগৰৰ সৰ্ববৃহৎ নৌ শক্তি হিচাপে নৌসেনা বাহিনীয়ে সাহস, বীৰত্ব, সতৰ্কতা আৰু দৃঢ়তাৰে দেশৰ সামুদ্রিক স্বাৰ্থ ৰক্ষা কৰি আহিছে।
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নৌসেনা বাহিনীক দেশৰ গৌৰৱৰ অভেদ্য দুর্গ বুলি মন্তব্য কৰে। তেওঁলোকে অসীম সাহস আৰু বীৰত্বৰে প্ৰতিটো ভাবুকিৰ পৰা দেশক ৰক্ষা কৰি আহিছে আৰু সামুদ্রিক পথেৰে দেশৰ বিকাশ সুনিশ্চিত কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে নৌ সৈনিকসকলে চৰম বলিদানেৰে লিখা দেশপ্ৰেমৰ সোণালী গাঁথাই ভৱিষ্যত প্ৰজন্মক অনুপ্রাণিত কৰি যাব। তেওঁ লগতে ৰাষ্ট্ৰৰ হকে প্ৰাণ আহুতি দিয়া শ্ৰমিকসকললৈ শ্ৰদ্ধা নিবেদন কৰে।