July 26, 2025 9:12 PM | Kargil Diwas

printer

সমগ্র দেশত আজি কার্গিল বিজয় দিৱস উদযাপন

১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ সময়ত দেশৰ হকে প্ৰাণ আহুতি দিয়া ভাৰতীয় জোৱানসকলৰ বীৰত্বৰ প্ৰতি সন্মান জনাই সমগ্র দেশত আজি কার্গিল বিজয় দিৱস উদযাপন কৰা হৈছে। এইবেলি কার্গিল যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয় লাভ আৰু অপাৰেচন বিজয়ৰ সফল পৰিসমাপ্তিৰ ২৬ বছৰ সম্পূৰ্ণ হৈছে।
এই উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ জোৱান সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কাৰ্গিল বিজয় দিৱস উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ, প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিং, চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান, স্থল সেনাধক্ষ্য জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, বায়ুসেনাৰ মুৰব্বী এয়াৰ চীফ মার্শাল এ পি সিং, আৰু নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্রিপাঠীয়েও সিঙে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত বীৰ জোৱানসকললৈ পুষ্পার্ঘ্য নিবেদন কৰে।
কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি লাডাখৰ ড্ৰাছৰ কার্গিল যুদ্ধ স্মৃতিসৌধত আজি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মানসুখ মন্দাভিয়া, প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী সঞ্জয় সেঠ, লাডাখৰ উপ ৰাজ্যপাল কবিন্দ্র গুপ্তা, স্থল সেনা বাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, আৰু জ্যেষ্ঠ সামৰিক আৰু অসামৰিক বিষয়াসকলে কার্গিল যুদ্ধৰ নায়কসকললৈ শ্ৰদ্ধা নিবেদন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।