November 16, 2025 6:38 PM | National Press Day

printer

সমগ্র দেশতে ৰাষ্ট্ৰীয় প্ৰেছ দিবস উদযাপন

সমগ্র দেশতে আজি ৰাষ্ট্ৰীয় প্ৰেছ দিবস উদযাপন কৰা হয়। ভাৰতীয় প্ৰেছ কাউন্সিলৰ প্ৰতিষ্ঠাৰ উদযাপনৰ লগতে সংবাদ মাধ্যমৰ স্বাধীনতা আৰু বিশ্বজুৰি সাংবাদিকসকলৰ ভূমিকা সম্পর্কে সজাগ, সচেতন কৰাৰ বাবে এই দিবস উদযাপন কৰা হয়। এইবাৰৰ প্ৰেছ দিৱসৰ মূল বিষয় হৈছে নতুন সাহসি বিশ্বত সাংবাদিকতা-সংবাদ মাধ্যমৰ স্বাধীনতা আৰু গণ মাধ্যমৰ ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰভাব।

অসমতো আজি ৰাষ্ট্ৰীয় প্রেছ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ লোক নির্মাণ বিভাগৰ সম্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত ৰাজ্যিক ভিত্তিত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত জনসংযোগ, মুদ্রণ আৰু লেখন সামগ্রী আদি বিভাগৰ মন্ত্রী পীযুষ হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ ধ্ৰুৱজ্যোতি বৰা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে। উপাচার্যগৰাকীয়ে বিভ্রান্তিমূলক তথ্যৰ মাজত সংবাদসেৱাৰ বিশ্বাসযোগ্যতাক সুৰক্ষা প্রদান বিষয়ত বক্তব্য আগবঢ়ায়।

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগতো আজি ৰাষ্ট্ৰীয় প্ৰেছ দিবস উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত কুইজ প্রতিযোগিতাত অসমীয়া প্রতিদিন কাকতৰ দিলীপ কুমাৰ শৰ্মা, উৎপল কুমাৰ দাস আৰু বিদুৎ কুমাৰ শৰ্মাৰ দলে প্রথম স্থান লাভ কৰে। দৈনিক জনমভূমি কাকতৰ অংকুৰ জ্যোতি শৰ্মা, দীপক চক্রবর্তী আৰু জয়ন্ত ফুকনৰ দলে দ্বিতীয় স্থান লাভ কৰে। আকাশবাণী গুৱাহাটীৰ ইন্দ্ৰজিৎ দাস, নিভাৰাণী ৰায় আৰু দেৱাশিষ ৰাজকুমাৰৰ দলে তৃতীয় স্থান লাভ কৰে।

প্ৰেছ দিৱসৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটী প্ৰেছ ক্লাবে চাৰিগৰাকী প্ৰবীন সাংবাদিক প্ৰেমধৰ শৰ্মা, হায়দৰ হুছেইন, ধীৰেন্দ্ৰ নাথ বেজবৰুৱা আৰু কনক সেন ডেকাক নিজ বাসগৃহত সম্বর্ধনা জ্ঞাপন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।