আজি সমগ্র দেশতে হিন্দী দিৱস উদযাপন কৰা হৈছে। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই দেৱনাগিৰি লিপিত লিখা হিন্দীক দেশৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিছিল। বৰ্তমান হিন্দী হৈছে বিশ্বৰ সৰ্বাধিক ব্যৱহৃত ভাষাসমূহৰ অন্যতম আৰু ৫২ কোটিকৈও অধিক মানুহে ব্যৱহাৰ কৰে। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আজি গুজৰাটৰ গান্ধী নগৰত মহাত্মা মন্দিৰত পঞ্চম অখিল ভাৰতীয় ৰাজভাষা সন্মিলন উদ্বোধন কৰিব। গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল এই অনুষ্ঠানত উপস্থিত থাকিব।
Site Admin | September 14, 2025 12:13 PM | Hindi Diwas
সমগ্র দেশতে হিন্দী দিৱস উদযাপন
