সমগ্র দেশতে জনজাতীয় শিশুসকলক গুণগত শিক্ষা প্ৰদানৰ বাবে ৪৪০ খন একলব্য আদর্শ আবাসিক বিদ্যালয় স্থাপন

সমগ্র দেশতে জনজাতীয় শিশুসকলক গুণগত শিক্ষা প্ৰদানৰ বাবে ৪৪০ খন একলব্য আদর্শ আবাসিক বিদ্যালয় স্থাপন কৰা হৈছে। লোকসভাৰ প্রশ্নকালত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত জনজাতী পৰিক্ৰমা মন্ত্ৰী জোৱেল ওৰামে এই কথা প্ৰকাশ কৰি কয় যে চৰকাৰে ৭২৮ খন একলব্য আদর্শ আবাসিক বিদ্যালয় স্থাপনত অনুমোদন দিছে। চৰকাৰে জনজাতীয় লোকসকলৰ বাবে ভালেমান কল্যাণমূলক কাৰ্যসূচী আৰম্ভ কৰিছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৬৩ হাজাৰ জনজাতীয় গাঁৱৰ উন্নয়ণৰ বাবে ৮০ হাজাৰ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে চৰকাৰে ধৰতি আবাস জনজাতীয় গ্রাম্য উৎকর্ষ অভিযান আৰম্ভ কৰিছে। তদুপৰি বিশেষভাৱে পিছপৰা জনজাতীয় গোটসমূহৰ বিকাশৰ বাবে প্রধানমন্ত্রী জন মন আঁচনি মুকলি কৰা হৈছে বুলি শ্ৰী ওৰামে জানিবলৈ দিয়ে।