December 27, 2025 12:16 PM | Amit Shah

printer

সমগ্র দেশতে উমৈহতীয়া সন্ত্রাসবাদ বিৰোধী গোট গঠনৰ বাবে গৃহমন্ত্রী অমিত শ্বাহৰ আহ্বান

গৃহমন্ত্রী অমিত শ্বাহে সমগ্র দেশতে Common Anti Terrorism Squad অর্থাৎ উমৈহতীয়া সন্ত্রাসবাদ বিৰোধী গোট গঠনৰ বাবে আহ্বান জনাইছে আৰু ৰাজ্যৰ আৰক্ষী সঞ্চালক প্রধানসকলক অতি শীঘ্ৰে এই নিৰ্দেশ কার্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ কয় যে, সমগ্ৰ দেশতে আৰক্ষীৰ বাবে এ-টি-এছ গঠনে, প্ৰতিটো স্তৰতে সন্ত্ৰাসবাদী আক্রমণ প্ৰতিহত কৰিবলৈ সকলোকে সাজু থকাৰ সুযোগ প্ৰদান কৰিব। কালি নতুন দিল্লীত ৰাষ্ট্ৰীয় তদন্ত সংস্থাই আয়োজন কৰা দুদিনীয়া ‘সন্ত্ৰাসবাদ বিৰোধী সন্মিলন-২০২৫’ উদ্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।
তেওঁ উল্লেখ কৰে যে NIA-ই এটা উমৈহতীয়া এ-টি-এছ ব্যৱস্থা গঢ়ি তোলাৰ বাবে নিৰন্তৰ কাম কৰিছে আৰু ইতিমধ্যে ৰাজ্যিক আৰক্ষী বাহিনীৰ সৈতে এইক্ষেত্ৰত সংযুক্তও হৈছে। শ্রীশ্বাহে কয় যে, এনেধৰণৰ গাঁথনি বা ব্যৱস্থাই সমগ্ৰ দেশৰ প্ৰতিটো স্তৰতে উপযুক্ত প্ৰস্তুতি আৰু সঁহাৰি ব্যৱস্থা নিশ্চিত কৰিব।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নতুন প্ৰজন্মই ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহ দৃঢ়তাৰে প্ৰতিহত কৰিব পৰাকৈ দেশত এটা অভেদ্য আৰু শক্তিশালী সন্ত্ৰাসবাদ বিৰোধী পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে সন্ত্রাসবাদী কার্যকলাপত প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে সন্ত্ৰাসবাদৰ পৰিৱেশ সলনি হৈছে আৰু সেয়ে দেশ এইক্ষেত্ৰত এতিয়া দুখোজ আগুৱাই থাকিব লাগিব। তেওঁ লগতে কয় যে চৰকাৰে সংগঠিত অপৰাধৰ ওপৰত ৩৬০ ডিগ্রী আঘাতৰ বাবে কাৰ্য্য পৰিকল্পনা সাজু কৰিছে। ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী সামর্থ্য অধিক বৃদ্ধিৰ বাবে দেশ তথা বিশ্বত সংঘটিত হোৱা প্ৰতিটো সন্ত্রাসবাদী ঘটনাৰ বিশ্লেষণ সকলো সংস্থাই কৰা উচিত বুলিও তেওঁ মন্তব্য কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, নৰেন্দ্ৰ মোদী চৰকাৰে দেশত দৃঢ়তাৰে সন্ত্ৰাস ৰোধ কৰি আছে। নতুনকৈ উদ্ভৱ হোৱা যিকোনো ভাবুকিৰ বিৰুদ্ধে সাজু হ’বলৈ এই বার্ষিক সন্মিলনখন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰিবলৈ এখন মঞ্চত পৰিণত হোৱা বুলিও তেওঁ উল্লেখ কৰে ।
শ্ৰী শ্বাহে কয় যে, পেহেলগাম আৰু দিল্লী বিস্ফোৰণৰ গোচৰৰ তদন্ত সাধাৰণ আৰক্ষী তদন্ত প্রক্রিয়া নহয়, ই পানী নসৰকা তদন্তৰ এটি দৃষ্টান্ত। তেওঁ লগতে কয় যে এইবোৰো এটা ডাঙৰ উদাহৰণ যে এগৰাকী সতর্ক বিষয়াই সকলো সময়তে সজাগ হৈ থাকি কেনেকৈ দেশখনক এনে বৃহৎ সংকটৰ পৰা ৰক্ষা কৰিব পাৰে।
তেওঁ কয় যে প্ৰথমবাৰলৈ অপাৰেচন সিন্দুৰৰ জৰিয়তে সন্ত্ৰাসবাদী কাণ্ডৰ পৰিকল্পনা কৰাসকলক নিৰাপত্তা বাহিনীয়ে শাস্তি প্ৰদান কৰাৰ লগতে অপাৰেচন মহাদেৱৰ জৰিয়তে সন্ত্রাসবাদীসকলক নিষ্ক্রিয় কৰিছে৷ দিল্লীত সংঘটিত হোৱা বিস্ফোৰণৰ চৰজমিন তদন্ত চলোৱাৰ বাবে তেওঁ জম্মু-কাশ্মীৰ আৰক্ষীক প্ৰশংসা কৰে। তেওঁ কয়, দিল্লীৰ এই কাণ্ড ৪০ কিলোগ্রাম বিস্ফোৰকেৰে সংঘটিত হোৱাৰ বিপৰীতে ৩ টন বিস্ফোৰক বিস্ফোৰণৰ পূর্বে উদ্ধাৰ কৰা হৈছে। শ্ৰী শ্বাহে আঙুলিয়াই দিয়ে যে এই ষড়যন্ত্ৰৰ সৈতে জড়িত সমগ্ৰ দলটোক দিল্লী বিস্ফোৰণ সংঘটিত হোৱাৰ আগতেই গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ কয় যে এই কাণ্ডৰ আঁৰৰ নেটৱৰ্কৰ তদন্ত – প্ৰতিটো সংস্থাই অতি ফলপ্ৰসূভাৱে সম্পন্ন কৰিছে।
কালিৰ এই অনুষ্ঠানত শ্ৰী শ্বাহে সন্ত্ৰাসবাদ বিৰোধী ব্যৱস্থাত প্ৰশংসনীয় সেৱা আৰু অৱদানৰ বাবে ৯ গৰাকী NIA জোৱানক সেৱা পদক আৰু বীৰ্তা পদকেৰে সন্মানিত কৰে।