ভাৰতৰ বিশিষ্ট তথা সমগ্ৰ বিশ্বতে স্বীকৃত এগৰাকী গণিতজ্ঞ শ্রীনিবাস ৰামানুজনৰ জয়ন্তী উপলক্ষে সমগ্র দেশতে আজি ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন কৰা হৈছে। বৈজ্ঞানিক প্ৰগতি আৰু দৈনন্দিন জীৱন যাত্ৰাত গণিতৰ গুৰুত্বৰ দিশটোত আলোকপাত কৰি শিক্ষানুষ্ঠান, গৱেষণা প্ৰতিষ্ঠান আৰু শৈক্ষিক মঞ্চসমূহত গণিতৰ এই দিৱস ব্যাপকভাৱে আয়োজন কৰা হৈছে। গণিতৰ ক্ষেত্ৰখনলৈ ৰামানুজনে আগবঢ়োৱা অসামান্য অৱদানৰ বাবে ভাৰত চৰকাৰে ২০১১ চনত প্ৰতি বছৰে ২২ ডিচেম্বৰ দিনটো গণিত দিৱস হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰ পৰৱৰ্তী বৰ্ষটোত অর্থাৎ ২০১২ চনত সমগ্ৰ দেশতে গাণিতিক শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন কৰা হয় ৷
অসমতো ৰাষ্ট্ৰীয় গণিত দিৱস উপলক্ষে শৈক্ষিক প্ৰতিষ্ঠানসমূহত বিভিন্ন কার্যসূচী গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় গণিত দিৱসৰ শুভেচ্চা জ্ঞাপন কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে যুৱ প্ৰজন্মক উদ্ভাৱনী চিন্তা আৰু শক্তিশালী জাতি গঠন প্রক্রিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। শিক্ষামন্ত্ৰীগৰাকীয়ে মহান গণিতজ্ঞ শ্ৰীনিৱাস ৰামানুজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
কোকৰাঝাৰৰ ৰাইনাডদাৰি উচ্চ মাধ্যমিক বিদ্যালয়তো আর্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অসম বিজ্ঞান সমিতিৰ কোকৰাঝাৰ শাখাৰ আতিথ্যত ৰাষ্ট্ৰীয় গণিত দিৱস পালন কৰা হয়। গণিত, কলা আৰু সৃষ্টিশীলতাক বিষয়বস্তু হিচাপে লৈ আয়োজন কৰা আজিৰ অনুষ্ঠানত বহুকেইখন বিশিষ্ট ব্যক্তি আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।