সমগ্র দেশতে আজি দশম তথা অন্তিমগৰাকী শিখগুৰু গুৰু গোবিন্দ সিঙৰ ৩৫৯ সখ্যক জন্ম বার্ষিকী পালন

সমগ্র দেশতে আজি দশম তথা অন্তিমগৰাকী শিখগুৰু গুৰু গোবিন্দ সিঙৰ ৩৫৯ সখ্যক জন্ম বার্ষিকী পালন কৰা হৈছে। এই উপলক্ষে দেশৰ বিভিন্ন স্থানত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰু গোবিন্দ সিঙৰ পৱিত্ৰ প্ৰকাশ উৎসৱ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৱে কয় যে গুৰু গোবিন্দ সিঙৰ অদম্য সাহস আৰু অসাধাৰণ বুদ্ধিমত্তাই জনসাধাৰণক সঠিক জীৱন যাপন কৰিবলৈ অনুপ্ৰাণিত কৰে।

উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণণে তেওঁৰ বাৰ্তাত কয় যে সমগ্ৰ ৰাষ্ট্ৰই গুৰু গোবিন্দ সিঙৰ নিদৰ্শনমূলক সাহস, জ্ঞান আৰু কৰুণাৰ মনোভাৱৰ প্ৰতি সন্মান জনাই আহিছে। তেওঁ কয়, যে ধৰ্মৰ গুৰুগৰাকীয়ে ভৱিষ্যত প্রজন্মসমূহক সত্য, ন্যায় আৰু ধৰ্মৰ পথ অনুসৰণ কৰিবলৈ আৰু নিৰ্ভীক তথা বিনম্ৰ জীৱন-যাপন কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ উৎসৱ উপলক্ষে চলিত বৰ্ষৰ প্ৰথম ভাগত গুৰুগোবিন্দ সিঙৰ জন্মস্থান টখট শ্ৰী হৰিমন্দিৰ জী পাটনা চাহিব ভ্ৰমণৰ আলোকচিত্ৰ শ্বেয়াৰ কৰিছে। শ্রীমোদীয়ে কয় যে গুৰু গোবিন্দ কৰুণা আৰু ত্যাগৰ প্ৰতীকস্বৰূপ। তেওঁ কয় যে দশম শিখগুৰুগৰাকীৰ জীৱন আৰু শিকনিসমূহে আজিও জনসাধাৰণক মানৱীয় গৰিমা বৰ্তাই ৰাখি সত্য, ন্যায় আৰু শুদ্ধ পথত থাকিবলৈ অনুপ্ৰাণিত কৰে। গুৰু গোবিন্দ সিঙৰ সেৱা আৰু নিঃস্বাৰ্থৰ কৰ্তব্যৰ দৃষ্টিভংগীয়ে প্ৰজন্ম প্রজন্ম ধৰি পথ প্ৰদৰ্শন কৰি আহিছে বুলি শ্রীমোদীয়ে মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।