গৃহমন্ত্রী অমিত শ্বাহে কয় যে সভ্য সমাজত হিংসা তথা সন্ত্ৰাসবাদৰ কোনো স্থান নাই। চৰকাৰে নক্সালবাদ সমুলঞ্চে নিৰ্মূল কৰাৰ পণ লোৱা বুলি প্ৰকাশ কৰি তেওঁ কয় যে এই লক্ষ্যত অচিৰেই উপনীত হোৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। নৱা ৰায়পুৰৰ বাঞ্জৰি গাঁওত ৰাষ্ট্ৰীয় ফৰেন্সিক বিজ্ঞান বিশ্ববিদ্যালয় আৰু কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ ভৱনৰ আধাৰশিলা স্থাপন কৰি তেওঁ এইকথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৪০ একৰ ভূমিত দুয়োখন প্ৰতিষ্ঠান নিৰ্মাণ কৰা হব। মন্ত্ৰীগৰাকীয়ে কয় যে চত্তিশগড়ত ফৌজদাৰী ন্যায় ব্যৱস্থা আধুনিকীকৰণ কৰি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। সমাগত দিনত এই প্ৰতিষ্ঠানৰ জৰিয়তে চত্তিশগড়ৰ উপৰি সমগ্ৰ মধ্য ভাৰত উপকৃত হব বুলি তেওঁ আশা প্ৰকাশ কৰে। অহা বছৰ মাৰ্চ মাহলৈ নক্সালবাদ সমুলঞ্চে নির্মূল কৰাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰি মন্ত্ৰীগৰাকীয়ে কয় যে চত্তিশগড়কে ধৰি বিভিন্ন ৰাজ্যত নিৰাপত্তা বাহিনীসমূহে ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে। চত্তিশগড় চৰকাৰে আত্মসমৰ্পনৰ বাবে উৎকৃষ্টি নীতি গ্ৰহণ কৰা বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ মাওবাদীসকলক এই সুবিধা গ্ৰহণ কৰি তেওঁলোকৰ অস্ত্ৰ সম্বৰণ কৰাৰ লগতে নতুন চত্তিশগড় নিৰ্মাণৰ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। নক্সাল বিৰোধী অভিযানৰ বুজ লবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৭ খনকৈ বাওপন্থী উগ্রবাদ অধ্যুষিত ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত চত্তিশগড়, অন্ধ্রপ্রদেশ, তেলেংগানা, মধ্যপ্রদেশ, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু ওড়িশাৰ আৰক্ষীৰ সঞ্চালক প্ৰধান অতিৰিক্ত সঞ্চালক প্ৰধানসকলকে ধৰি আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকী বিষয়াই অংশগ্ৰহণ কৰিছে ।
Site Admin | June 22, 2025 7:56 PM | HM Amit Shah
সভ্য সমাজত হিংসা তথা সন্ত্ৰাসবাদৰ কোনো স্থান নাই : গৃহমন্ত্রী অমিত শ্বাহ
