সফলতাৰ বাবে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যুৱক-যুৱতীসকলক ভাৰতীয় মহাকাশচাৰী কেপ্তেইন শুভাংশু শুক্লাৰ পৰামৰ্শ

ভাৰতীয় মহাকাশচাৰী তথা গ্রুপ কেপ্তেইন শুভাংশু শুক্লাই আজি কয়, যে যুৱক-যুৱতীসকল হৈছে দেশৰ প্ৰকৃত মূলধন। নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰত YOUNG LEADERS DIALOGUE, ২০২৬–ত অংশগ্ৰহণ কৰি শ্ৰী শুক্লাই এইদৰে কয়। সফলতাৰ বাবে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ গ্ৰুপ কেপ্তেইনগৰাকীয়ে যুৱক-যুৱতীসকলক পৰামৰ্শ দিয়ে। ভাৰতীয় মহাকাশচাৰীগৰাকীয়ে ভাৰতীয় যুৱক-যুৱতীসকলক সাহসী বুলি অভিহিত কৰে। এই অনুষ্ঠানত যুৱ-পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্য মন্ত্ৰী ৰক্ষা নিখিল খাচে আৰু ইছৰ’ৰ জ্যেষ্ঠ বিজ্ঞানী প্ৰশান্ত মিশ্ৰইও অংশগ্ৰহণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।