সপ্তম দিনাও ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ অব্যাহত

ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ আজি সপ্তম দিনাও অব্যাহত আছে। ইৰাণে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰই ইজৰাইলৰ মধ্য আৰু দক্ষিণ প্ৰান্তৰ ভালেমান ঠাইত গুৰুতৰ ক্ষতি সাধন কৰিছে। ইয়াৰ বিপৰীতে ইজৰাইলী বাহিনীয়ে ইৰাণৰ অৰাক গধুৰ জল পাৰমাণৱিক ৰিয়েক্টৰক লক্ষ্য কৰি আক্ৰমণ চলাইছে। দক্ষিণ ইজৰাইলৰ এখন চিকিৎসালয় আৰু তেল আভিভৰ সমীপৰ দুখন চহৰত ইৰাণে ক্ষেপণাস্ত্ৰৰে আঘাত হানিছে। চৰোকা চিকিৎসালয়ৰ সঞ্চালকপ্ৰধান শ্লোমি কোডেছে আক্রমণত চিকিৎসালয় ভৱনৰ ব্যাপক ক্ষতি হোৱা বুলি প্ৰকাশ কৰিছে। ইপিনে, ইৰাণে দক্ষিণ ইজৰাইলৰ চিকিৎসালয়ক নহয়, বৰং তাৰ সমীপৰ সামৰিক আৰু গুপ্তচৰ ঘাটিক লক্ষ্য কৰি আক্ৰমণ চলোৱা বুলি দাবী কৰিছে। প্ৰাপ্ত বাতৰি অনুসৰি, ইৰাণৰ গোলাবর্ষণত তেল আভিভৰ ষ্টক এক্সেঞ্জৰ ভৱনৰ ক্ষতি হৈছে। এই আক্ৰমণত ১৩৭ জনৰো অধিক লোক আহত হৈছে।
ইফালে, ইজৰাইলৰ সামৰিক বাহিনীয়ে যোৱা গোটেই নিশা আকাশী পথেৰে অৰাকৰ গধুৰ জল পৰমাণু ৰিয়েক্টৰক লক্ষ্য কৰি আক্ৰমণ চলায়। নটাঞ্জৰ সমীপৰ এটা স্থানক লক্ষ্য কৰিও আক্রমণ চলোৱা হয়৷