প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত সপ্তদশ ৰাষ্ট্ৰীয় নিয়োগ মেলাত অংশ গ্ৰহণ কৰি চৰকাৰৰ বিভিন্ন বিভাগত দেশৰ ৫১ হাজাৰতকৈও অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে এটা ভিডিঅ’ বার্তাযোগে কয়, যে নিয়োগ মেলা হৈছে দেশৰ যুৱ প্ৰজন্মৰ সপোন পূৰণ কৰাৰ এটা মাধ্যম। প্রধানমন্ত্ৰী শ্রীমোদীয়ে কয়, যে এইবাৰৰ মেলাৰ সৈতে চৰকাৰৰ বিভিন্ন বিভাগত এঘাৰ লাখতকৈও অধিক যুৱক-যুৱতীক নিয়োগৰ সুবিধা প্ৰদান কৰা হৈছে। দেশত ৩ কোটি ৫ লাখ কর্মসংস্থাপন সৃষ্টিৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে বিকশিত ভাৰত যোজনাও মুকলি কৰিছে।
উল্লেখযোগ্য যে আজিৰ এই নিযুক্তিপত্ৰ বিতৰণ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ড° জিতেন্দ্ৰ সিং আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ ৰাজ্যমন্ত্ৰী অজয় তামতা উপস্থিত থাকে। তামিলনাডুত কেন্দ্রীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্রী ড° এল মুৰুগাণে প্ৰাৰ্থীসকলক নিযুক্তিপত্ৰ প্ৰদান কৰে। একেদৰে আয়ুষ আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱে মাদুৰাইত আৰু বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে তিৰুচিৰাপল্লিত প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে।
ৰোজগাৰ মেলা হৈছে নিয়োগ সৃষ্টিক সর্বাধিক অগ্রাধিকাৰ দিয়াৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতিবদ্ধতা পূৰণৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। এই ব্যৱস্থাই যুৱক-যুৱতীসকলৰ সৱলীকৰণ তথা ৰাষ্ট্ৰ নিৰ্মাণত অংশগ্ৰহণৰ বাবে তেওঁলোকক অর্থপূর্ণ সুযোগ প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
 
									