ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সন্ধিয়া ৭.৩০ বজাত আই পি এলত প্লে অফত পঞ্জাৱ কিংছ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

আই পি এল ক্রিকেট প্রতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ হ’ব। মুল্লানপুৰত আজি হ’বলগীয়া প্ৰথমখন কোৱালিফায়াৰত পইণ্ট তালিকাৰ শীৰ্ষত থকা পঞ্জাৱ কিংছ দ্বিতীয় স্থানৰ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব।

প্ৰতিযোগিতাৰ কাইলৈ হ’বলগীয়া এলিমিনেটৰ খেলত পইণ্ট তালিকাৰ তৃতীয় স্থানত থকা গুজৰাট টাইটানছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। এলিমিনেটৰ খেলত জয়লাভ কৰা দলটো দেওবাৰে হ’বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত প্ৰথম কোৱালিফায়াৰত পৰাজিত দলটোৰ সন্মুখীন হ’ব। এই খেলখনত জয়লাভ কৰা দলটো ৩ জুনত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হবলগীয়া ফাইনেলত প্ৰথমখন কোৱালিফায়াৰত জয়লাভ কৰা দলটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।